বজালীৰ কেন্দুগুৰিত ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দূৰ্ঘটনা।
চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ মটৰচাইকেলৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহী।আহত মটৰচাইকেল আৰোহীক পাঠশালা শ্বহীদ মদন ৰাউতা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
তাৰপাছত যুৱকজনক মৃত ঘোষণা কৰে চিকিৎসকে।
ইফালে, দুৰ্ঘটনাস্থলীত উপস্থিত হয় পাঠশালা আৰক্ষী। আৰক্ষীৰ ব্যৱহাৰত ক্ষুন্ন হৈ পৰে ৰাইজ।
লক্ষণীয় যে, ১০৮ মৃত্যুঞ্জয় সেৱা ঘন্টা ঘন্টা ধৰি উপস্থিত নহ’ল দুৰ্ঘটনাস্থলীত, যাৰ পৰিপেক্ষিতত আৰক্ষীয়ে আহত যুৱকগৰাকীক গাড়ীৰ পিছফালে তুলিব লোৱাতে স্থানীয় সচেতন যুৱক কেইজনে ক্ষুন্ন হৈ গাড়ীখনৰ মাজ ভাগত চিকিৎসালয়লৈ পঠিয়ায়।
- Log in to post comments