মৰিগাঁৱৰ মালপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা

morigaon accident

মৰিগাঁৱৰ মালপুটাত ভয়ংকৰ পথ দুৰ্ঘটনা

মৰিগাঁও জিলাৰ মালপুটাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন বল বম যাত্ৰীৰ থিতাতে মৃত্যু হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, মৃত যুৱকজনক মৰিগাঁৱৰ ন-ভেটি অঞ্চলৰ মানৱজ্যোতি দাস বুলি চিনাক্ত কৰা হৈছে। আহত যুৱকজন দাদুল কাকতি বুলি জানিব পৰা গৈছে।

জানিব পৰা মতে, দুয়োগৰাকী যুৱকে চাইকেলেৰে নিজৰাপাৰৰ পৰা মৰিগাঁও অভিমুখে গৈ থকা সময়তে মালপুটাত এখন দ্ৰুতবেগী ট্ৰাকে পিছফালৰ পৰা তেওঁলোকক খুন্দা মাৰে। দুৰ্ঘটনাত মানৱজ্যোতি দাসে ঘটনাস্থলীতে প্ৰাণ হেৰুৱায়।

দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখনৰ নম্বৰ: AS 01 NC 8626।

দুৰ্ঘটনাৰ পিছতে ট্ৰাকখনৰ চালকজনে বাহনসহ ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় ৰাইজে আহত দাদুল কাকতিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত মৰিগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। পলাতক চালকজন আৰু ট্ৰাকখনৰ সন্ধানত আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে।

 

Category
Tags