আজিৰ পৰা মাজুলীত চলিব অত্যাধুনিক দুমহলীয়া বাছ

majuli

আজিৰ পৰা মাজুলীত চলিব অত্যাধুনিক দুমহলীয়া বাছ । মাজুলীৰ আউনিআটি সত্ৰৰ পৰা প্ৰথম বাৰৰ বাবে এই দুমহলীয়া বাছ প্ৰৱৰ্তন । ঐতিহাসিক সত্ৰখনৰ মূল টোৰণৰ সন্মুখত সম্পূৰ্ণ মাংগলিক নীতি নিয়মৰ মাজেৰে আজি এই দুমহলীয়া বাছৰ শুভাৰম্ভ হয় । 

উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ পৰমানন্দ দেৱগোস্বামী, বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ চন্দন গোস্বামী, আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, বিধায়ক ভূৱন গামৰ লগতে মাজুলীৰ অন্যান্য বিভাগ সমূহৰ বিষয়া, আউনীআটী সত্ৰৰ ভকত বৈষ্ণৱ, মাজুলী বাসী ৰাইজৰ উপস্থিতিত শুভ উদ্ধোধন কৰে বাছখন।

মাজুলীৰ ঐতিহাসিক আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ প্ৰচেষ্টাত এই দুমহলীয়া বাছখন মাজুলীলৈ অনা হয় । আশা কৰা হৈছে মাজুলীৰ পৰ্যটন ক্ষেত্ৰখনৰ প্ৰসাৰত এই দুমহলীয়া বাছখনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

সত্ৰাধিকাৰ গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি তেওঁ লণ্ডনত ফুৰিবৰ সময়ত এনে দুমহলীয়া বাছত ফুৰিবলৈ পাইছিল । তেতিয়াই তেওঁ মনলৈ আহিছিল মাজুলীতো এনেকুৱা বাছ চলাচল কৰাই মাজুলীৰ ৰাইজক লণ্ডনৰ সোৱাদ দিব পাৰি নেকি ? সত্ৰাধিকাৰ গৰাকীৰ মনত দেখা সপোন আজি বাস্তৱত ৰূপায়িত হল আৰু আজিৰ পৰা মাজুলীত আৰম্ভ হল দুমহলীয়া বাছ ।

আউনিআটি সত্ৰৰ পৰা কমলাবাৰী, শ্ৰী শ্ৰী বেঙেনাআটি সত্ৰ, ভোগপুৰ সত্ৰ,শ্ৰী শ্ৰী চামগুৰি সত্ৰ, বিহিমপুৰ সত্ৰ, আৰু গড়মূৰ সত্ৰ হৈ আউনিআটি সত্ৰলৈ চলাচল কৰিব এই দুমহলীয়া বাছ খন । এই কাৰ্যসূচীত উপস্থিত থাকে মাজুলীৰ বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ গৰাকীৰ লগতে মাজুলীৰ বিভিন্ন স্তৰৰ লগত জড়িত লোক। ।

Category