News

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। মঙলবাৰে প্ৰধানমন্ত্ৰীৰ চৰকাৰী বাসগৃহত সাক্ষাৎ কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ দুটাকৈগুৰুত্বপূৰ্ণ প্ৰকল্পৰ অনুষ্ঠানলৈ অসমলৈ আমন্ত্ৰণ জনালে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।।

সামাজিক মাধ্যমত এটা প’ষ্ট শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লিখিছে, “আজি দিল্লীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰোঁ। সাক্ষাৎকালত আমি তেখেতক দুটাকৈ যুগান্তকাৰী প্ৰকল্প অসমবাসীলৈ উৎসৰ্গাৰ বিশেষ অনুষ্ঠানৰ বাবে আমন্ত্ৰণ জনাবলৈ পাই আহ্লাদিত হৈছোঁ।”