
পুনৰ ৰাজ্যত আৰক্ষীৰ এনকাউণ্টাৰ
ডবকাত নিশা চিলনি চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলী
আৰক্ষীৰ গুলীত গুলিবিদ্ধ দুৰ্ধৰ্ষ চোৰ নাগালো নানি
আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ লওঁতেই গুলী
ডবকা- ডিফু সংযোগী পথৰ শালবাগানত এই ঘটনা
মঙলবাৰে ডবকাত ৰাইজৰ ৰোষত পৰিছিল দুটাকৈ চোৰ
ৰাইজে উত্তম মধ্যম শোধাই গতাই দিছিল আৰক্ষীক
এজন লোকৰ পৰা ৩ লাখ টকা লৈ উধাও হৈছিল দুই চোৰ
উন্নত চিকিৎসাৰ বাবে হোজাইলৈ প্ৰেৰণ চোৰটোক
নিশা চোৰটোক লৈ ডবকাৰ হালধীআটীৰ পৰা অভিযান চলাই উভতি আহোঁতেই শালবাগানত আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ লওঁতেই আৰক্ষীৰ গুলীত আহত হয় চোৰটো। আহত চুৰটোক লৈ আৰক্ষীয়ে নিশা ডবকাৰ সামূহিক চিকিৎসালয়লৈ লৈ আনে যদিওঁ পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে হোজাইৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
উল্লেখ্য যে মঙলবাৰে নীলবাগানত আৰক্ষীৰ গুলীত আহত নাগালো নানি আৰু তেওঁৰ আন এক সহযোগীয় মাইকেল ৰাইডোৱে এজন লোকৰ তিনি লাখ টকা লৈ উধাও হবলৈ ধৰোতেই ৰাইজে চোৰ দুটাক ধৰে৷ পাছত উত্তম মাধ্যম সোধাই ৰাইজে চোৰ দুটাক নীলবাগান আৰক্ষী পহৰা চকীত গতাই দিয়ে৷ আৰক্ষীয়ে চুৰ দুটাৰ কবলৰ পৰা এখন পালচাৰ বাইকো জব্দ কৰে৷
- Log in to post comments