২৮ নৱেম্বৰত নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব 'SMaRT 4 Bharat Summit'

SMaRT 4 Bharat Summit

দেশৰ ভৱিষ্যৎ, সুশাসন, কৌশলগত যোগাযোগ আৰু দীৰ্ঘম্যাদী উন্নয়নৰ বিভিন্ন দিশক লৈ আলোচনাৰ উদ্দেশ্যে অহা ২৮ নৱেম্বৰ, ২০২৬ তাৰিখে নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হ’ব SMaRT 4 Bharat Summit।

Zoho-ৰ উদ্যোগত, Siddhanta Group-ৰ পৰিকল্পনা আৰু Delhi Tourism-ৰ সহযোগত অনুষ্ঠিত হ’ব লগীয়া এই সন্মিলনত দেশৰ ভৱিষ্যৎ গঢ়াৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰা হ’ব।

এই সন্মিলনত আইন বিশেষজ্ঞ, নীতি নিৰ্ধাৰক, কৌশলগত চিন্তাবিদ আৰু উদ্ভাৱনীমূলক চিন্তাধাৰাৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰিব। সন্মিলনৰ বক্তাসকলৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাই যদিও এই আলোচনাচক্ৰত কেইবাজনো বিশিষ্ট ব্যক্তিৰ দ্বাৰা তত্বগধূৰ ভাষণ আৰু আলোচনাচক্ৰৰ সৈতে সংগতি ৰাখি মত-বিনিময়মূলক আলোচনা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।

সুশাসন, কৌশলগত যোগাযোগ আৰু ৰাষ্ট্ৰীয় উন্নয়নৰ দীৰ্ঘম্যাদী পৰিকল্পনাৰ দৰে বিষয়সমূহে এই সন্মিলনত বিশেষ গুৰুত্ব লাভ কৰিব।

ইতিমধ্যে সন্মিলনত অংশগ্ৰহণৰ বাবে প্ৰতিনিধিৰ পঞ্জীয়ন প্ৰক্ৰিয়া মুকলি কৰা হৈছে। আগ্ৰহী ব্যক্তিসকলে তলৰ ৱেবছাইটৰ জৰিয়তে পোনপটীয়াকৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব।

তাৰিখ: ২৮ নৱেম্বৰ, ২০২৬

স্থান: ভাৰত মণ্ডপম, নতুন দিল্লী

পঞ্জীয়নৰ বাবে: https://summit.smart4bharat.com/

দেশৰ ভৱিষ্যৎ সম্পৰ্কীয় চিন্তা-চৰ্চা, মত-বিনিময় আৰু নতুন দৃষ্টিভংগীৰে সমৃদ্ধ হ’বলগীয়া এই সন্মিলনখনৰ বাবে ২৮ নৱেম্বৰৰ দিনটো ইতিমধ্যে বিশেষ গুৰুত্ব লাভ কৰিছে...

Category
Tags