জঘন্য! ঘৰলৈ নিয়াৰ প্ৰতিশ্ৰুতিৰে লম্পট যুৱকে ধৰ্ষণ কৰিলে বিধৱাক

Rape Case

নগাঁৱত সংঘটিত এক জঘন্য কাণ্ড। লম্পদ যুৱকৰ কামনাৰ বলি এগৰাকী বিধবা মহিলা। নগাঁও জিলাৰ দাতিকাষৰীয়া ৰজাগাঁৱৰ দক্ষিণজ্বৰ বাগানৰ কলনীত সংঘটিত হৈছে এই জঘন্য কাণ্ড। স্থানীয় যুৱকৰ পৰাও হাৰি নগ’ল এগৰাকী বিধবা মহিলা। দিন হাজিৰা কামৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত সন্ধিয়া মহিলাগৰাকীক ধৰ্ষণ কৰে পিন্টু বিশ্বাস নামৰ এজন স্থানীয় যুৱকে৷ জানিব পৰামতে একে গাঁৱৰে যুৱকজনে মহিলাগৰাকীক গাড়ীৰে ঘৰত থবলৈ নিয়াৰ চলেৰে ঘন জংঘলত নি ধৰ্ষণ কাণ্ড সংঘটিত কৰে। ইতিমধ্যে ধৰ্ষণকাৰীক স্থানীয় ৰাইজে আটক কৰি কচুৱা থানাৰ আৰক্ষীক গতাই দিয়ে৷
বৰ্তমান কচুৱা আৰক্ষীয়ে দুয়োকে জিম্মাত লৈ থানালৈ লৈ যায়।

Category