শৰীৰত মেৰিয়াই আনিছিল লাখে লাখে টকা! ক’ৰ পৰা আনিছিল ইমান বৃহৎ পৰিমাণৰ নগদ ধন? কিয় এনেদৰে শৰীৰত মেৰিয়াই ধনখিনি কঢ়িয়াই আনিছিল তেওঁ?

Guwahati News

নাৰেংগী ৰে’লৱে ষ্টেচনত উদ্ধাৰ হোৱা এজন অচিনাক্ত লোকৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। মৃত ৪৫ বছৰীয়া অচিনাক্ত লোকজনৰ শৰীৰৰ পৰা উদ্ধাৰ হৈছে ২৫ লাখ ৮০০ টকা। মৃত লোকজনে শৰীৰত মেৰিয়াই কঢ়িয়াই আনিছিল ধনখিনি। সন্ধিয়া স্থানীয় লোকে মৃত লোক জনক প্ৰত্যক্ষ কৰি ৰেলৱে আৰক্ষীক খবৰ দিয়ে। খবৰৰ ভিত্তিত আৰক্ষী উপস্থিত হৈ লোক জনক উদ্ধাৰ কৰাৰ লগতে উদ্ধাৰ কৰে নগদ ধনখিনি এতিয়াও উদ্ধাৰ হোৱা নাই যুৱকজনৰ পৰিচয়। উদ্ধাৰ হোৱা লোক জনৰ টকা খিনি চোৰাং টকা বুলি স্থানীয় ৰাইজে সন্দেহ কৰিছে। এতিয়া প্ৰশ্ন হয় কিন্তু কোন এই লোকজন? ক’ৰ পৰা আনিছিল ইমান বৃহৎ পৰিমাণৰ নগদ ধন? কিয় এনেদৰে শৰীৰত মেৰিয়াই ধনখিনি কঢ়িয়াই আনিছিল তেওঁ? এনে বহু প্ৰশ্নই এতিয়া সৃষ্টি কৰিছে ৰহস্যৰ।

Category