বনভোজৰ বাবে চৰকাৰী অনুমতিৰ প্ৰয়োজন নেকি? দুৰ্ঘটনা ৰোধৰ বাবে মুখ্যমন্ত্ৰীৰ আহ্বান

Himanta Biswa Sarma

এতিয়া বনভোজৰ বতৰ ।দৈনন্দিন জীৱনৰ ব্যস্ততাৰ পৰা আঁতৰি নিজৰ পৰিয়াল, বন্ধুবৰ্গ তথা আত্মীয় স্ব-জনৰ লগত যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা কিছু নিলগত গৈ নাচি বাগি আনন্দ উল্লাসেৰে এসাজ খাই পুৰণি বছৰটোক বিদায় দি নতুন বছৰটোক আদৰাত ব্যস্ত এতিয়া সকলো ।

বনভোজৰ আনন্দ যাতে কাৰো বাবে শোকৰ কাৰণ হৈ নপৰে, তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।প্ৰদান কৰিছে বিশেষ সতৰ্কবাণী 

সামাজিক মাধ্যমত এটা প'ষ্টযোগে মুখ্যমন্ত্ৰীগৰাকীয়ে বনভোজলৈ যাবলৈ চৰকাৰৰ অনুমতি ল’ব লাগিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত সকলোকে দায়িত্বশীল হ’বলৈ আহ্বান জনায়। তেওঁ স্পষ্ট কৰে যে বনভোজলৈ যোৱাত বাধা দিয়াৰ উদ্দেশ্য নহয়, বৰং যাত্ৰাপথত সম্ভাৱ্য দুৰ্ঘটনা ৰোধ কৰাটোহে গুৰুত্বপূৰ্ণ।

মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে বনভোজৰ বতৰত ৰাজ্যত পথ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পোৱাৰ প্ৰৱণতা দেখা যায়। বহুতে দূৰৈৰ বনভোজস্থলীত সোনকালে উপস্থিত হোৱাৰ উদ্দেশ্যে নিশাৰ ভাগত অথবা পুৱতি নিশাতে যাত্ৰা আৰম্ভ কৰে। বিশেষকৈ পুৱতি নিশা ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত এনে যাত্ৰাৰ প্ৰৱণতা অধিক দেখা যায়। তেওঁৰ মতে, শীতকালত পুৱতি নিশাৰ সময়ছোৱাত কুঁৱলীৰ বাবে পথৰ দৃশ্যমানতা যথেষ্ট হ্ৰাস পায়। এনে পৰিস্থিতিত সামান্য অসাৱধানতা, অত্যধিক গতি অথবা চালকৰ টোপনিয়ে ভয়াৱহ পথ দুৰ্ঘটনাৰ সৃষ্টি কৰিব পাৰে।

ইয়াৰ উপৰি বনভোজৰ আনন্দত মদ্যপান কৰি বাহন চলোৱা, নিৰ্ধাৰিত গতিসীমা অতিক্ৰম কৰা, বাহনৰ অনুমোদিত আসনসংখ্যাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিয়া আৰু যান-বাহন আইন উলংঘা কৰাও দুৰ্ঘটনাৰ অন্যতম কাৰণ বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পথ সুৰক্ষা নিশ্চিত কৰাৰ বাবে ৰাজ্য চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলিও পোষ্টটোত উল্লেখ কৰে। ইয়াৰ ভিতৰত আছে—

১. পুৱতি নিশাৰ যাত্ৰা পৰিহাৰ
২. বিশেষ পৰ্টেলৰ ব্যৱস্থা
৩. সুৰাপান কৰি গাড়ী চলোৱাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

ইয়াৰ লগতে বনভোজলৈ যোৱাৰ পূৰ্বে বাহনৰ ব্ৰেক, টায়াৰ, লাইট আৰু অন্যান্য যান্ত্ৰিক ব্যৱস্থা পৰীক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। বাহনৰ অনুমোদিত আসনসংখ্যাতকৈ অধিক যাত্ৰী কঢ়িয়াই নিনিবলৈ, কুঁৱলীৰ সময়ত গতি হ্ৰাস কৰিবলৈ আৰু আন বাহনৰ পৰা পৰ্যাপ্ত দূৰত্ব বজাই ৰাখিবলৈও পৰামৰ্শ দিয়ে।
 

Category