বাইক আৰু যাত্ৰীবাহী ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ; আহত ৮ জন যাত্ৰী

kokrajarnews

কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাৰ আলমগঞ্জ পাহাৰতলীত ভয়ংকৰ পথ দুৰ্ঘটনা।১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু যাত্ৰীবাহী ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ ফলত শিশু-শিক্ষাৰ্থীকে ধৰি প্ৰায় ৭-৮ জন যাত্ৰী আহত।

প্ৰাপ্ত তথ্য অনুসৰি, ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে যাত্ৰী লৈ গৈ থকা ই-ৰিক্সা আৰু এখন বাইকৰ মাজত সংঘৰ্ষ হয়।  এই সংঘৰ্ষৰ ফলতেই  ই-ৰিক্সাখন ওলোটা হৈ পৰে আৰু তাত থকা যাত্ৰীসকল ই-ৰিক্সাখনৰ পৰা বাগৰি পৰে। ইপিনে দুৰ্ঘটনাৰ ফলত ই-ৰিক্সাত থকা শিক্ষাৰ্থীৰ লগতে প্ৰায় ৮ গৰাকী যাত্ৰী আঘাতপ্ৰাপ্ত হয়। স্থানীয় ৰাইজে প্ৰথমতে আহতসকলক ততাতৈয়াকৈ চিকিৎসাৰ বাবে নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

ইপিনে দুৰ্ঘটনা সংঘটিত হোৱা ই-ৰিস্কাখনৰ নম্বৰ AS-17-AC 0699 আৰু বাইকখনৰ নম্বৰ AS-17-H 9871 বুলি  জানিব পৰা গৈছে।  

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত কাজিগাঁও আৰক্ষীৰ দল উপস্থিত হয়। আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ই-ৰিক্সা আৰু বাইকখন জব্দ কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

Category