অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাইক প্ৰশংসাৰে ওপচালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। শেহতীয়াকৈ কমনৱেলথ গেমছত পদক অৰ্জন কৰাৰ গ্লাছগ’ৰ এখন ৰেষ্টুৰেণ্টত ভাৰতৰ বিকৃত মানচিত্ৰ প্ৰদৰ্শনক লৈ আপত্তি দৰ্শাইছিল বক্সাৰগৰাকীয়ে। তাৰ পাছত খেলুৱৈসকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰশংসা কৰে লাভলিনাক।
অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে ৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰা লাভলিনাক প্ৰধানমন্ত্ৰী মোদীয়ে সুধিছিল, “ক্যা হুৱা, ৱ’ ৰেষ্টুৰেণ্টৱালে ছে ঝগড়া কৰ ৰহী থী? (কি হৈছিল, তুমি ৰেষ্টুৰেণ্টৰ লোকৰ সৈতে যে কাজিয়া কৰিছিলা?)”
ইয়াৰ উত্তৰত লাভলিনাই হাঁহি হাঁহি কয়, “ছাৰ, সেয়া এক আনন্দৰ মুহূৰ্ত আছিল। আমি উদযাপন কৰি আছিলোঁ আৰু তাত বিকৃত মানচিত্ৰখন দেখি মোৰ ভাল লগা নাছিল। মই তেওঁলোকক ভদ্ৰভাৱে কথাটো জনাইছিলোঁ আৰু তেওঁলো মানিও লৈছিল আৰু পৰিৱৰ্তন কৰিম বুলি কেছিল। এতিয়া পৰিৱৰ্তনো কৰিছে।”
লাভলিনাৰ এই পদক্ষেপক প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিজয় উদযাপন কৰিবলৈ যোৱা সময়তো ভাৰতৰ মানচিত্ৰৰ গুৰুত্ব প্ৰদান কৰি তেওঁ যি পদক্ষেপ গ্ৰহণ কৰিলে, সেয়া সৰু কথা নাছিল।
প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়, “বিজয় উদযাপন কৰি থকাৰ সময়ত, যেতিয়া খেলো শেষ হৈছিল, সেই সময়তো মানচিত্ৰখনৰ গুৰুত্ব বুজি পোৱাটো সাধাৰণ কথা নহয়। সেই ভিডিঅ’টো সাধাৰণ ভিডিঅ’ নাছিল। বহুদিনলৈ মানুহে ইয়াক মনত ৰাখিব।”
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত এই বাৰ্তালাপত প্ৰধানমন্ত্ৰীয়ে খেলুৱৈসকলৰ সৈতে ধেমেলীয়া কথা-বতৰা পাতিছিল আৰু তেওঁলোকৰ গেমছৰ প্ৰস্তুতি তথা গ্লাছগোত থকাৰ সময়ৰ অভিজ্ঞতাৰ বিষয়ে শুনিছিল। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে সোমবাৰে এই সাক্ষাৎকাৰৰ ভিডিঅ’ প্ৰকাশ কৰে।
- Log in to post comments