কামপুৰৰ পুঠিমাৰীত ঘোঁৰা মেলাৰ সামৰণি
দুদিনীয়াকৈ অনুষ্ঠিত হৈছিল এই মেলা
কামপুৰৰ পুঠিমাৰী মৰিসুঁতিত মেলাৰ আয়োজন
ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ দৰ্শকৰ অংশগ্ৰহণ
উল্লেখ্য যে, কামপুৰৰ পুঠিমাৰী মৰিসুঁতিত দুদিনীয়াকৈ অনুষ্ঠিত হোৱা ঘোঁৰা মেলাৰ সামৰণি। ১৯৬৬ চনৰ পৰাই প্ৰচাৰ বিহীনভাৱে পুহৰ মাহৰ ১৬ তাৰিখ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত অনুষ্ঠিত হৈ আহিছে এই মেলা। জনবিশ্বাস অনুসৰি এই মেলাত ঘোঁৰা দান দিলে মনৰ কামনা পূৰণ হয়।
স্থানীয় ৰাইজৰ মতে ১৯৬৬ চনত জামিনি সাধু নামৰ এজন সাধুয়ে এদিন ভগৱান শিৱক সপোনত লগ পাইছিল আৰু শিৱই সাধুজনক ঘোঁৰা দান দিবৰ বাবে পৰামৰ্শ দিছিল। জামিনি সাধুয়ে দেখা সেই সপোনৰ পিছৰ পৰাই স্থানীয় ৰাইজে নৱবৰ্ষৰ পহিলা দিনটোত এই মেলাৰ আয়োজন কৰি আহিছে।
এই মেলাত স্থানীয় লোক সকলে জনবিশ্বাস অনুসৰি সোন ;ৰূপ অথবা মাটিৰে ঘোঁৰা বনাই ভগৱানৰ ওচৰত দান কৰে। দুদিনীয়াকৈ অনুষ্ঠিত কৰা মেলাখনত ভিৰ কৰে ভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে।
- Log in to post comments