বহু পৰিমাণে হ্ৰাস ৩১ ডিচেম্বৰৰ দুৰ্ঘটনাৰ সংখ্যা! বিগত বৰ্ষসমূহৰ তুলনাত তাকৰীয়া দুৰ্ঘটনা ৰাজ্যত............

accident

বহু পৰিমাণে হ্ৰাস ৩১ ডিচেম্বৰৰ দুৰ্ঘটনাৰ সংখ্যা
বিগত বৰ্ষসমূহৰ তুলনাত তাকৰীয়া দুৰ্ঘটনা ৰাজ্যত
পৰিবহণ বিভাগ, আৰক্ষীৰ প্ৰচেষ্টাৰ সুফল
পূৰ্বৰ বৰ্ষৰ তুলনাত হ্ৰাস পালে দুৰ্ঘটনাৰ বাতৰি

উল্লেখনীয় যে, বিগত বৰ্ষসমূহৰ ৩১ ডিচেম্বৰৰ নিশাটো ৰাজ্যৰ বাট-পথসমূহ সাংঘাতিক ধৰণে বিপদসংকুল হৈ পৰিছিল। বিশেষকৈ ২১ ডিচেম্বৰৰ নিশা বুলি সুৰাপায়ী বাহন-মটৰ চাইকেলচালক-আৰোহীৰ দৌৰাত্ম্যত ৰাঙলি হৈ পৰে বাট-পথ।

২০২২ চনৰ ৩১ ডিচেম্বৰৰ নিশা ৰাজ্যজুৰি ১০৮টা দুৰ্ঘটনাৰ ঘটনা পঞ্জীয়ন হৈছিল জৰুৰী এম্বুলেন্স সেৱাত। ২০২১ চনত হৈছিল ১০৭টা। ২০২০ চনৰ ৩১ ডিচেম্বৰৰ নিশা ৯০টা দুৰ্ঘটনা পঞ্জীয়ন হোৱাৰ বিপৰীতে ২০১৯ চনত পাঁচ বছৰত সৰ্বাধিক ১২৩টা দুৰ্ঘটনাৰ ঘটনা পঞ্জীয়ন হৈছিল। 

 এনে পৰিসংখ্যাৰ বিপৰীতে ২০২৩ চনৰ ৩১ ডিচেম্বৰৰ বৰ্তমানলৈ লাভ কৰা তথ্য অনুসৰি দুৰ্ঘটনাৰ সংখ্যা বহু পৰিমাণে কম। ইয়াৰ মূলতে সুৰাপায়ী চালকৰ বিৰুদ্ধে অভিযান তথা পৰিবহণ বিভাগ-আৰক্ষীৰ কঠোৰ স্থিতিয়ে বুলি চৰ্চিত হৈছে।

Category