বৰ্ণালী কাণ্ডৰ পুনৰাবৃত্তি ৰাজ্যত! নাইজেৰিয়াত আবদ্ধ টংলাৰ যুৱক..........

tangla

ৰাজ্যত অন্য এক ‘নাইজেৰিয়া কাণ্ড’
নাইজেৰিয়াত আবদ্ধ টংলাৰ যুৱকক উদ্ধাৰ
বৰ্ণালী কাণ্ডৰ পুনৰাবৃত্তি ৰাজ্যত!
সাংসদ, বিধায়কৰ তৎপৰতাত উদ্ধাৰ যুৱকজনক
এমাহ ধৰি নাইজেৰিয়াত অৱৰ্ণনীয় পৰিস্থিতিৰ মুখামুখি
কৰ্মসূত্ৰে নাইজেৰিয়ালৈ গৈছিল মেঘজ্যোতি চহৰীয়া

ঘটনাৰ বিৱৰণী মতে, ওদালগুৰিৰ টংলা থানাৰ অন্তৰ্গত উত্তৰ জংঘলপাৰা গাঁৱৰ যুৱক তথা মেকানিকেল ইঞ্জিনিয়াৰ মেঘজ্যোতি চহৰীয়া নাইজেৰিয়ালৈ গৈছিল কৰ্মৰ সন্ধানত। পশ্চিমৱংগৰ জনৈক সন্দীপ আগৰৱালা নামৰ এজন লোকৰ মধ্যস্থতাত ইক’ভিষ্টা প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীৰ অধীনত নাইজেৰিয়াত সংস্থাপন পাইছিল মেঘজ্যোতিয়ে। 

কিন্তু নাইজেৰিয়ালৈ গৈ মেঘজ্যোতিয়ে যোগ্যতা অনুযায়ী চাকৰিৰ পৰিৱৰ্তে অন্য হাড়ভঙা শ্ৰমিক পৰ্যায়ৰ কামহে কৰিবলগীয়া হয়। সন্দীপ আগৰৱালা নামৰ লোকজনে যুৱকজনৰ অনুনয়–বিনয়ক আওকাণ কৰি তেওঁক যি কাম দিছে তাকে কৰিবলৈ বাধ্য কৰায়। অত্যাচাৰ, নিৰ্যাতনত অসুস্থ হৈ পৰা মেঘজ্যোতিক চিকিৎসাৰো সুবিধা নিদিলে সন্দীপ আগৰৱালা নামৰ দালালজনে। 

অৱশেষত হোৱাটছএপ, ফোনযোগে টংলাস্থিত পৰিয়ালৰ আগত ঘটনাৰ বিষয়ে বিৱৰি কোৱাত পৰিয়ালৰ লোকে স্থানীয় সাংসদ দিলীপ শইকীয়া, স্থানীয় বিধায়ক তথা অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে আৰক্ষী, মহকুমা প্ৰশাসনৰ বিষয়ববীয়া, বিভিন্ন জাতীয় দল–সংগঠনক অৱগত কৰোৱায়। 

ঘটনাৰ বিষয়ে অৱগত হৈয়েই সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক বিশ্বজিৎ দৈমাৰীয়ে ব্যৱস্থা লোৱাৰ দায়িত্ব লৈ নাইজেৰিয়াত থকা ভাৰতীয় দূতাবাসৰ জৰিয়তে যুৱকজনক ঘৰলৈ ওভতাই আনিবলৈ সক্ষম হয়। প্ৰতিভাৱান যুৱকজন উদ্ধাৰ হোৱাত গাঁওবাসীয়ে স্বস্তিৰ নিশ্বাস পেলোৱাৰ লগতে তৎকালীন ব্যৱস্থা লোৱা সাংসদ-বিধায়কক কৃতজ্ঞতা জ্ঞাপন কৰিছে।
 
 

Category