‘বিশ্বৰ শ্ৰেষ্ঠ হুইস্কি’ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতৰ 'ইন্দ্ৰি'। লগতে ভাৰতত নির্মিত ইন্দ্ৰি হুইস্কিয়ে ২০২৩ চনৰ বাবে 'বেষ্ট ইন শ্ব', ডাবল গোল্ড' বঁটা লাভ কৰিছে। ইন্দ্ৰিয়ে বিশ্বৰ আন ১০০ৰো অধিক হুইস্কিক পৰাস্ত কৰি শ্রেষ্ঠ হুইস্কি প্রতিযোগিতাত এই বঁটা লাভ কৰে। scotch, bourbon, Canadian, Australian, and British single malts আদি আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডক পৰাস্ত কৰি ভাৰতৰ ইন্দ্ৰিয়ে শ্ৰেষ্ঠ হুইস্কিৰ বঁটাৰ মুকুট পিন্ধিবলৈ সক্ষম হৈছে ।

ইন্দ্ৰি হৈছে ভাৰতৰ হাৰিয়ানাৰ পিকাডিলি ডিষ্টিলেৰীছৰ দ্বাৰা উৎপাদিত স্থানীয় হুইস্কি। ২০২১ চনত ইন্দ্ৰি হুইস্কিয়ে ইয়াৰ যাত্ৰা আৰম্ভ কৰে। এই ত্রিপল বেৰেল একক মল্ট ইন্দ্ৰি-ত্রিনি নামেৰে জনাজাত। এই হুইস্কিয়ে যোৱা দুবছৰত ১৪টাতকৈও অধিক আন্তঃৰাষ্ট্ৰীয় প্রশংসাপত্র লাভ কৰিছে। এতিয়া ইন্দ্ৰীয়ে সমগ্ৰ বিশ্বতে হুইস্কিৰ ৰাজ্যত ৰাজত্ব কৰিছে। বিশেষকৈ চিংগল মল্ট হুইস্কিৰ তালিকাত ইন্দ্রিয়ে প্রথম স্থান লাভ কৰিছে।
উল্লেখ্য যে, ইন্দ্ৰি হুইস্কি হাৰিয়ানাত তৈয়াৰ কৰা হয়। এই একক মল্ট সুৰা ছয় তৰপীয়া বাৰ্লিৰ পৰা তৈয়াৰ কৰা হয়। পৰম্পৰাগত ভাৰতীয় তামৰ পাত্ৰ ব্যৱহাৰ কৰি ইন্দ্ৰি তৈয়াৰ কৰা হয়। ইয়াৰ উপৰিও ইয়াত শুকান ফল, বাদাম, মছলা, বিটাৰছুইট চকলেট আদিও থাকে।

ইন্দ্রি ট্রিপল-এজিং হুইস্কি, যিটো তিনিটা ভিন্ন পাত্ৰত তৈয়াৰ কৰা হয়। ফল-মূল, মছলা আৰু বাদামৰ সংমিশ্ৰণেৰে ইন্দ্ৰিৰ সোৱাদ অনন্য। ইয়াৰ উপৰিও উত্তৰ ভাৰতৰ জলবায়ুৰ উন্মাদনাত এই একক মল্টৰ সোৱাদ বৃদ্ধি পায়।
ইন্দ্ৰি চিংগল মল্টৰ এটা ৭৫০মিলিলিটাৰৰ মূল্য গুৰুগ্ৰামত ৩৯৪০টকা, আনহাতে মুম্বাইত ইয়াৰ দাম ৫০০০টকা। ভাৰতৰ ১৯খন ৰাজ্যত এতিয়া উপলব্ধ হৈছে ইন্দ্ৰি- ত্ৰিনি। ইয়াৰ উপৰিও ইন্দ্ৰি হুইস্কি বিশ্বৰ ১৭খন দেশত উপলব্ধ।
- Log in to post comments