স্পেইনৰ ৰাফেল নাদালে দেওবাৰে অষ্ট্ৰেলিয়ান অপেন ২০২২ৰ খিতাপ দখল কৰে। স্পেইনৰ চুপাৰষ্টাৰ গৰাকীয়ে পুৰুষ ছিংগলছৰ প্ৰত্যাহ্বান পূৰ্ণ ফাইনেল খেলখনত ৰাছিয়াৰ দানিল মেদভেদেভক পৰাস্ত কৰি ২১ সংখ্যক গ্ৰেণ্ড শ্লেম জয় কৰি অভিলেখ গঢ়ে।
ইতিহাস ৰচনা কৰাৰ পিছত, নাদাল আৱেগিক হৈ পৰে আৰু ইয়াক তেওঁৰ জীৱনৰ আটাইতকৈ গৌৰৱময় মুহূৰ্তবোৰৰ এটা বুলি অভিহিত কৰে। দানিল মেদভেদেভৰ বিৰুদ্ধে ৫ ঘণ্টা ২৪ মিনিটৰ ফাইনেল খেলখনত ৰাফেল নাদালৰ এইয়া ঐতিহাসিক বিজয়।

Category
- Log in to post comments