
ঘোষণা হ'ল INDIA মহাজোঁটৰ উপ-ৰাষ্ট্রপতি নিৰ্বাচনৰ প্ৰাৰ্থী। মঙলবাৰে ঘোষণা কৰে উপ-ৰাষ্ট্রপতি নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম। উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা গোৱাৰ প্ৰাক্তন লোকায়ুক্ত বি সুদৰ্শন ৰেড্ডীক ইণ্ডিয়া ব্লকৰ উপ-ৰাষ্ট্রপতি প্ৰাৰ্থী হিচাপে নিযুক্তি। আজি বিৰোধী দলসমূহৰ বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে ঘোষণা কৰে বি সুদৰ্শন ৰেড্ডীৰ নাম।
চি পি ৰাধাকৃষ্ণণকৰ বিৰুদ্ধে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে।
ইতিমধ্যে ঘোষণা কৰা হৈছে NDA উপ-ৰাষ্ট্রপতি পদৰ প্রাৰ্থীৰ নাম। মহাৰাষ্ট্রৰ ৰাজ্যপাল চি. পি. ৰাধাকৃষ্ণনক NDA ৰ উপ-ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। BJPৰ ৰাষ্ট্রীয় সভাপতি জে. পি. নাড্ডাই ১৭আগষ্ট শনিবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে চি. পি. ৰাধাকৃষ্ণনৰ নাম।
উল্লেখযোগ্য যে, অহা মাহৰ ৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব উপ-ৰাষ্ট্রীপতি নিৰ্বাচন। মনোনয়নৰ অন্তিম তাৰিখ ২১ আগষ্ট।
- Log in to post comments