"প্রধানমন্ত্রীৰ সাক্ষাতৰ বাবে দিল্লীলৈ গৈছিল মুখ্যমন্ত্রী কিন্তু সাক্ষাৎ‍ নিদিলে"-অখিল গগৈ

akhilgogoi

অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈৰ।

বান সাহায্য সংগ্রহ কৰাক লৈ মুখ্যমন্ত্রীয়ে কৰাৰ মন্তব্যক অখিল গগৈয়ে কটাক্ষ কৰি কয় যে, অসমৰ মুখ্যমন্ত্রীয়ে CM সাহায্য পুঁজিৰ বাবেও চান্দা সংগ্রহ বন্ধ কৰক। 

আজিৰ দিনটোত অসমৰ আটাইতকৈ ধনী মানুহ হিমন্ত বিশ্ব শৰ্মা।উত্তৰ–পূবৰ ধনী ৰাজনৈতিক নেতাসকলৰ ভিতৰত এজন হিমন্ত বিশ্ব শৰ্মা।মুখ্যমন্ত্রীয়ে সাহায্য পুঁজিলৈ কিমান টকাৰ অৰিহণা দিছে।–বুলি সংবাদমেল মন্তব্য কৰে অখিল গগৈৱে

মুখ্যমন্ত্রীক ৰজাৰ ভূমিকা পালন নকৰিবলৈ সকীয়নি প্ৰদান কৰি অখিল গগৈয়ে কয়, বানৰ প্রথম সাতটা দিন অস্তিত্বহীন আছিল চৰকাৰ। বানপানীক লৈ আমি হুলস্থূল কৰাৰ পিছতহে সাহায্য দিছে ৰিলায়েন্সৰ দৰে কোম্পানীয়ে। প্রত্যেক দিনাই অসমৰ মুখ্যমন্ত্রীয়ে ঋণ লয়। 

লগতে অখিল গগৈৱে কয়,  দিল্লীলৈ প্রধানমন্ত্রীৰ সাক্ষাতৰ বাবে গৈছিল কিন্তু সাক্ষাৎ‍ নিদিলে মুখ্যমন্ত্রীক। গুজৰাটক ২০০০কোটি টকা দিয়াৰ বিপৰীতে অসমে পালে মাত্র ৩৭৯কোটি টকা। মুখ্যমন্ত্রীয়ে অসমীয়া মানুহক অপমান কৰাটো কেতিয়াও মানি ল’ব নোৱাৰো।
 

Category