এক মৰ্মান্তিক দুৰ্ঘটনাত প্ৰাণ গ'ল মাতৃ-কন্যাৰ

accident

ডিমৰীয়াৰ লালমাটিৰ ৰাষ্ট্ৰীয় ঘাইপথত মৰ্মান্তিক দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত মাতৃ-কন্যা। এখন স্কুটীৰে মাতৃ-কন্যা গৈ থকাৰ সময়তে তীব্ৰবেগী বলেৰো বাহনে মহতিয়াই লৈ যায় দুয়োকে

জানিব পৰা মতে, গুৱাহাটীৰ পৰা উজনি অভিমুখী AS 09J 4494 নম্বৰৰ তীব্ৰবেগী বলেৰ’ বাহনখন গৈ থকাৰ সময়তে একেদিশত গৈ থকা স্কুটীখনক মহতিয়াই লৈ যায়। ফলত থিতাতে মৃত্যু হয় স্কুটীত থকা মাতৃ-কন্যাৰ।

AS 01GU 8951 নম্বৰৰ স্কুটীখনক বলেৰ’ বাহনখনে প্ৰায় ১০০ ফুট চোচৰাই নিয়াৰ ফলত বাহনৰ তলতে বহু সময় ধৰি আৱদ্ধ হৈ থাকে মাতৃ-কন্যা। মৃত মহিলাগৰাকীৰ নাম নীলাক্ষী ইংতি ৰাহাং আৰু পাঁচ বছৰীয়া কন্যাৰ নাম অদিতি ৰাহাং। দুয়োৰে ঘৰ সোণাপুৰৰ চামতাত।বুলি জানিব পৰা গৈছে

ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত ক্ষেত্ৰী যান-বাহন আৰক্ষী উপস্থিত হৈ দুয়োকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

Category