বিধ্বংসী অগ্নিকাণ্ড; ভস্মীভূত লক্ষাধিক টকাৰ সা-সম্পত্তি

dhubri news

ধুবুৰী জিলাৰ চাপৰ বজাৰত বিধ্বংসী অগ্নিকাণ্ড। নিশাই সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত বজাৰখনৰ একাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

প্ৰাপ্ত তথ্য অনুসৰি, নিশা বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জুইৰ  সূত্ৰপাত হয়। নিমিষতে জুইৰ লেলিহান শিখাই কাষৰীয়া দোকানসমূহলৈ জুই বিয়পি পৰে। 

এই অগ্নিকাণ্ডত ‘দেৱশ্ৰী বস্ত্ৰালয়’ নামৰ কাপোৰৰ দোকানখন সম্পূৰ্ণৰূপে ভস্মীভূত হয়। ইয়াৰ লগতে এখন হোটেল আৰু এখন গেলামালৰ দোকানৰো বৃহৎ ক্ষয়-ক্ষতি হয়।

আনহাতে, অগ্নিকাণ্ডৰ খবৰ পাই স্থানীয় ৰাইজে প্ৰথমতে জুই নিৰ্বাপনৰ চেষ্টা চলায় আৰু অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত জুই নিয়ন্ত্ৰণলৈ আনে। 

বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।

Category