শোকাৱহ! ৰে’লৰ খুন্দাত নিহত ৩ গৰাকী মহিলা

train accident

বকোত শোকাৱহ দুৰ্ঘটনা। বকোৰ বামুণীগাঁও ৰে’ল ষ্টেচনৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।
বামুণীগাঁও ৰে’ল ষ্টেচনত ৰে’লৰ খুন্দাত একেলগে নিহত ৩ গৰাকী মহিলা।

জানিব পৰা মতে, গোৱালপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখী আহি থকা ৰে’লখনে মহিলা তিনিগৰাকীক পিছফালৰ পৰা খুন্দা মাৰে। ৰেলৰ খুন্দাত নিহত হয় মহিলাকেইগৰাকী।

নিহত মহিলাকেইগৰাকী উত্তৰা দাস, ৰুমী দাস আৰু কৰবী মালী বুলি জানিব পৰা গৈছে। মৃত আটাইকেইগৰাকী মহিলাৰ ঘৰ বকোৰ ২নং ছাটাবাৰীত।

সোমবাৰে প্ৰাতঃভ্ৰমণলৈ যোৱাৰ সময়ত বামুণীগাঁও ৰে’ল ষ্টেচনৰ NN 240 গেটৰ সমীপত সংঘটিত হয় দুৰ্ঘটনাটো।

Category