গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপৰ

High Court rejected the bail plea of actress Nandinee Kashyap

গুৱাহাটী উচ্চ ন্যায়ালয়ে জামিন আবেদন নাকচ কৰিলে অভিনেত্ৰী নন্দিনী কাশ্যপৰ। নিম্ন আদালতত জামিনৰ আবেদন কৰাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ।

আজি উচ্চ ন্যায়ালয়ত কেচডায়েৰী দাখিল কৰে আৰক্ষীয়ে। আনহাতে আৰক্ষীয়ে নিম্ন আদালতত আজি অভিযোগনামা দাখিল কৰে। সেয়েই উচ্চ ন্যায়ালয়ে নিম্ন আদালতত জামিন আবেদন কৰাৰ নির্দেশ প্ৰদান কৰে।

উল্লেখ্য যে,গুৱাহাটী মহানগৰীত ২৫ জুলাইত সংঘটিত হৈছিল এক ভয়ংকৰ দুৰ্ঘটনা। ২৫ জুলাইৰ মাজনিশা কাহিলীপাৰাত নন্দিনী কাশ্যপ নামৰ অভিনেত্ৰী গৰাকীৰ বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত হৈছিল ছামিউল হক নামৰ যুৱকজন। তাৰ পাছতে ঘটনাস্থলীৰ পৰা পলায়ন কৰিছিল নন্দিনী কাশ্যপ।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছামিউলক হাস্পাতালত ভৰ্তি কৰা হৈছিল যদিও তেওঁ পাছলৈ মৃত্যুক সাৱতি লয়। ছামিউলৰ মৃত্যুৰ পাছতে ৰাজ্যজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।ৰাজ্যজুৰি ছামিউলৰ ন্যায়ৰ দাবী কৰে।

ইয়াৰ পাছতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰি হিট এণ্ড ৰানৰ ঘটনাত গ্ৰেপ্তাৰ কৰা হয় অভিনেত্ৰী নন্দিনী কাশ্যপ।বৰ্তমান নন্দিনী কাশ্যপ আৰক্ষীৰ জিম্মাত আছে।

Category