
হঠাৎ বৰডুমচাৰ কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱতৰণ হেলিকপ্টাৰ। হঠাৎ যান্ত্ৰিক বিজুতি হোৱাৰ বাবে কঠালগুৰিত অৱতৰণ কৰে হেলিকপ্টাৰখনে।
জানিব পৰা মতে, ভাৰতীয় সেনাৰ ডিনজানস্থিত কেম্পৰ পৰা অৰুণাচল প্ৰদেশৰ অননিলৈ যাত্ৰা কৰিছিল হেলিকপ্টাৰখন। সেই সময়তে হঠাৎ যান্ত্ৰিক বিজুতিৰ ফলত হেলিকপ্টাখন কঠালগুৰিৰ ডিব্ৰুপৰীয়া ক্ৰীড়া সন্থাৰ খেলপথাৰত অৱতৰণ কৰে। হেলিকপ্টাৰ খনত মুঠ যাত্ৰী আছিল ৪জন।
ইয়াৰে দুগৰাকী হেলিকপ্টাৰখনৰ পাইলট আৰু দুগৰাকী ভাৰতীয় সেনাৰ শীৰ্ষ বিষয়া। এক ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা পৰা কথমপি ৰক্ষা পৰিল ভাৰতীয় সেনাৰ হেলিকপ্টাৰখন।
- Log in to post comments