Political News

আজি ১৩ মে',  আজি দেশৰ ১০ খন ৰাজ্যত অনুষ্ঠিত হ’ব চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া। দেশৰ ৯ খন ৰাজ্য আৰু এটা কেন্দ্রীয় শাসিত অঞ্চলৰ ৯৬ টা সমষ্টিত পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ভোটগ্রহণ কৰা হ'ব।

উল্লেখ্য যে, অন্ধ্র প্রদেশৰ ২৫টা, তেলেংগানাৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, মহাৰাষ্ট্ৰৰ ১১টা, মধ্য প্রদেশ আৰু পশ্চিম বংগৰ ৮টাকৈ, বিহাৰৰ ৫টা, ওড়িশা আৰু ঝাৰখণ্ডৰ ৪টাকৈ আৰু কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ এটা সমষ্টি আছে ভোটগ্ৰহণ।