আত্মহত্যা! "মা-পাপা মোক ক্ষমা কৰি দিবা" কিয় ইমান কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিলে এগৰাকী তৃতীয় ষান্মাষিকৰ ছাত্ৰীয়ে, আৰু কি কি আছে চুইছাইড নোটত?......

Suicide

ৰাজ্যত আকৌ সংঘটিত হৈছে আত্মহত্যাৰ ঘটনা। এইবাৰ আত্মহত্যাৰ স্থান নগাঁৱ।  চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা এগৰাকী ছাত্ৰীৰ।

girl

উল্লেখ্য যে, নগাঁৱৰ ADP কলেজত সংঘটিত হৈছে অঘটন ৷ ছাত্ৰী নিবাসৰ কোঠাত আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰীয়ে ৷ মৃত্যুৰ পূৰ্বে চুইছাইড নোটত লিখি থৈ যায় ছাত্ৰী গৰাকীয়ে। 

চুইছাইড নোটত লিখা আছে "মা-পাপা মোক ক্ষমা কৰি দিবা"

note

আনহাতে, মৃত ছাত্ৰী গৰাকীৰ নাম মাৰজানা কাদিৰ লস্কৰ বুলি জানিব পৰা গৈছে।  B.Voc ৰ তৃতীয় ষান্মাষিকৰ ছাত্ৰী আছিল মাৰজানা কাদিৰ লস্কৰ। মাৰজানা কাদিৰ লস্কৰৰ ঘৰ লংকাত আছিল বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, ADP কলেজৰ চৌহদতে থকা ১ নং ছাত্ৰী নিবাসৰ কোঠাৰ চিলিং ফেনত চিপজৰী লৈ আত্মহত্যা কৰে ছাত্ৰী গৰাকীয়ে ৷

doc

জানিব পৰা মতে, কেইদিনমান ধৰি অসুস্থ হৈ থকা ছাত্ৰী গৰাকী। আজি পুৱা চিকিৎসকৰ ওচৰলৈ গৈছিল তাই। চিকিৎসকৰ ওচৰৰ পৰাই আহিয়ে আত্মহনন দৰে পথ বাছি লয় ছাত্ৰী গৰাকীয়ে।

doc

কি কাৰণে ছাত্ৰীগৰাকীয়ে  এই কঠোৰ সিদ্ধান্ত বাছি লয় সেই কথা বৰ্তমান লৈ স্পষ্ট হোৱা নাই আৰু ইতিমধ্যেই নগাঁৱৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। 
 

Category
Profile picture for user UB Photos