এইসমূহ লক্ষণে দেখা দিছে নেকি তেন্তে সাৱধান ভিটামিন ‘ডি’ৰ অভাৱ হৈছে আপোনাৰ।

Vitamin-D

সু-স্বাস্থ্যৰ বাবে বিভিন্ন ভিটামিনৰ প্ৰয়োজন। তেনে এবিধ অতি গুৰুত্বপূৰ্ণ ভিটামিন হৈছে ভিটামিন ‘ডি’।দেহত ভিটামিন ‘ডি’ ৰ অভৱ ধেখা দিলে দৈনিক ১০-১৫ মিনিট সময় ৰ’দৰ সংস্পৰ্শত থকা উচিত।

ক) হঠাতে চুলি পকিব ধৰিলে বুজিব যে আপোনাৰ ভিটামিন ‘ডি’ৰ পৰিমাণ কমি আহিছে।

খ) যিসকল মহিলা ভিটামিন ‘ডি’ৰ অভাৱত ভোগে তেওঁলোকৰ সন্তান ধাৰণাৰ সম্ভাৱনা কমি আহে।

গ) সঘনাই অসুস্থ হোৱাটোও ভিটামিন ‘ডি’ কমি অহাৰ লক্ষণ। কিয়নো ভিটামিন ‘ডি’য়ে যিকোনো ভাইৰাছ বা বেক্টেৰিয়াৰ সংক্ৰমণৰ বাধা দিয়ে।

ঘ) হাড় আৰু পেশীত বিষ বা দুৰ্বল অনুভৱ কৰিলে ই ভিটামিন ‘ডি’ৰ অভাৱ লক্ষণ।

ঙ) দেহত ভিটামিন ‘ডি’ৰ মাত্ৰা কমিলে মানসিক চাপ আৰু উদ্বেগ আৰম্ভ হয়।

 

Category