এইবাৰ চিনেমাত নহয়, সঁচাকৈয়ে ৰাজস্থানৰ প্ৰাসাদত ঘূৰিছে মঞ্জুলিকা!

Rajasthan

বলীউডৰ ‘ভূল ভুলেইয়া’ চলচ্চিত্ৰত মঞ্জুলিকাৰ চৰিত্ৰটোৰ কথা নজনা মানুহ হয়তো নুলাব। মঞ্জুলিকাৰ চৰিত্ৰটিৰ ভয়ানক অভিনয়ে সকলোকেই ভয় খুৱাবলৈ সক্ষম হৈছে। এতিয়া ৰাজস্থানৰ এটা প্ৰাসাদত (হাৱেলী) মানুহক ভয় খুওৱাবলৈ মঞ্জুলিকা অৱতাৰ পিন্ধা এগৰাকী মহিলাৰ ভিডিঅ’ ভাইৰেল হৈ আছে।

টুইটাৰত শ্বেয়াৰ কৰা এই ভিডিঅ’টোৱে মানুহৰ পৰা মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে। এই ভিডিঅ’টোৰ আৰম্ভণিতে এগৰাকী মহিলাই দীঘল চুলিৰ উইগ পিন্ধি, শৰীৰত বগা চাদৰ মেৰিয়াই থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে। ভিডিঅ’টোত আগলৈ মহিলাগৰাকীয়ে ঘৰটোৰ চাৰিওফালে ঘূৰি ফুৰা আৰু মানুহক ভয় খুৱাবলৈ চেষ্টা কৰা দেখিবলৈ পোৱা গৈছে। যদিও ঘৰটোত থকা কিছুমান আৱাসীয়ে ‘ভূত’লৈ ভয় কৰিছে, আন কিছুমান লোকে সিমান প্ৰভাৱিত হোৱা নাছিল। এই দুষ্টামিৰ ভিডিঅ’টোৰ বাবে, মহিলাগৰাকীৰ সৈতে একে পোছাক পৰিধান কৰা অন্য লোকো আছিল।

কিছুমান মানুহে এই ভিডিঅ’টো যথেষ্ট ধেমেলীয়া পাইছিল আৰু মানুহে ভিডিঅ’টো বহুত উপভোগ কৰিছে। অৱশ্যে, আন কিছুমানে এই দুষ্টামিয়ে হৃদৰোগী আৰু প্ৰাসাদৰ বৃদ্ধ বাসিন্দাসকলৰ বাবে বিপদজনক প্ৰমাণিত হ'ব পাৰে বুলি উল্লেখ কৰিছিল।

Category