ঘোষিত হ’ল অস্কাৰ বঁটাৰ মনোনয়ন তালিকা! চাও আহক ভাৰতৰ কোন কেইখন চলচ্চিত্ৰ আৰু অভিনেতা-অভিনেত্ৰী মনোনীত হৈছে অস্কাৰ বঁটাৰ বাবে?

Oscar

একাডেমী অফ মোচন পিকচাৰ আৰ্টছ এণ্ড চাইন্সে মঙলবাৰে ৯৫ তম একাডেমী বঁটাৰ বাবে মনোনয়ন লাভ কৰা  Feature ফিল্ম প্ৰযোজনাসমূহৰ তালিকা ঘোষণা কৰে।মুঠ ৩০১ খন Feature ফিল্ম ৯৫ তম অস্কাৰৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ 

 

এই তালিকাত আছে জনপ্ৰিয়তা অৰ্জন কৰা কানাড়া চলচ্চিত্ৰ কান্তাৰাৰ নামো৷ইয়াৰোপৰি  মুখ্য চৰিত্ৰত অভিনয় কৰা ঋষভ চেট্টীয়েও  দুটা শাখাত অস্কাৰৰ বাবে মনোনয়ন লাভ  কৰিছে।চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰা দলটোৱে ছচিয়েল মিডিয়াত এই ভাল খবৰটো ৰাজহুৱা  কৰিছিল।

 

৯৫  তম একাডেমী পুৰস্কাৰৰ বাবে যোগ্য চলচ্চিত্ৰৰ স্মাৰক তালিকাত স্থান লাভ কৰা আন ভাৰতীয় চলচ্চিত্ৰসমূহ হৈছে- 

 

গঙ্গুবাই কাঠিয়াৱাড়ী, আৰআৰআৰ, দ্য কাশ্মীৰ ফাইলছ, চেলো শ্ব', ইৰাভিন নিজাল, ৰকেটৰী, মে বসন্তৰাও, দ্য নেক্সট মৰ্ণিং আৰু বিক্ৰান্ত ৰোনাকে ধৰি আন কেইবাখনো ভাৰতীয় চলচ্চিত্ৰই অস্কাৰ ২০২৩ ৰ বাবে যোগ্য চলচ্চিত্ৰৰ স্মাৰক তালিকাত স্থান লাভ কৰিছে।

 

উপৰোক্ত চলচ্চিত্ৰৰ নামৰ উপৰি,  চলচ্চিত্ৰসমূহত অভিনয় কৰাৰ বাবেও কেইবাজনো অভিনেতাক স্মাৰক তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আনহাতে আলিয়া ভাট্ট  আৰু অজয় দেৱগনৰ নামো তালিকাভুক্ত হৈছে৷ঋষভ চেট্টী, কিশোৰ, অচ্যুত কুমাৰ, সপ্তমী গৌড়া, আৰু মানসী সুধীৰ কন্তাৰাৰ তালিকাত আছে।

 

আনহাতে মাধৱন, শ্বাহৰুখ খান, ৰজিত কাপুৰ, চিমৰণ, চেম মোহন আৰু মীশা ঘোষালৰ 

 নামো আছে এই তালিকাত।

 

 

Category