বলীউদৰ ‘মাস্তানী’ৰ আজি জন্মদিন, ৩৭ বছৰীয়া হ’ল মোহময়ী দীপিকা

Deepika Birthday

বলীউদৰ অন্যতম সুন্দৰী অভিনেত্ৰী দীপিকা পাডুকণৰ আজি জন্মদিন। ৩৭ বছৰত ভৰি দিলে অভিনেত্ৰীগৰাকীয়ে। শেহতীয়াকৈ বহুকেইটা অভিলেখৰ সৃষ্টি কৰিছে দীপিকাই। প্ৰথম ভাৰতীয় হিচাপে ফিফা বিশ্বকাপ ট্ৰফী উন্মোচন কৰিছিল দীপিকাই। ছুপাৰষ্টাৰ আৰু ভাৰতৰ আটাইতকৈ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ড এম্বেছাডৰগৰাকীয়ে বিশ্বকাপৰ ট্ৰফী লুছাইল ষ্টেডিয়ামত উন্মোচন কৰিছিল।প্ৰায়ে বিৰ্তকত সোমাই পৰা অভিনেত্ৰী গৰাকী ‘পাঠান’ ছবিৰ গান ‘বেছৰম ৰং’ মুকলিৰ পিছতো সমালোচনাৰ সন্মুখীন হৈছিল দীপিকা। কিন্তু সমালোচনালৈ কাণ নিদিয়ে দীপিকাই সেয়া লাগিলে ব্যক্তিগতই হওক বা পেছাগতই।

Category