নিশা টোপনি নাহে নেকি আপোনাৰ? মানি চলক এইসমূহ নিয়ম

Sleeping

গোটেই দিনটো সতেজ হৈ থাকিবলৈ আমাক ভাল টোপনিৰ প্ৰয়োজন।মানুহৰ মন আৰু শৰীৰটোক সুস্থ আৰু সতেজ কৰি ৰখাত পৰ্যাপ্ত টোপনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।এটা ভাগৰুৱা দিনৰ পিছত শৰীৰৰ বাবে ৭ৰ পৰা ৮ ঘণ্টাৰ নিদ্ৰা অতি আৱশ্যক।

ভাল টোপনি হ’ল সুস্বাস্থ্যৰ চাবিকাঠি। ভালকৈ শুলে মানসিক স্বাস্থ্যও ভালে থাকে। ৰাতি ভাল টোপনি হ'বলৈ কিছুমান বিশেষ নিয়ম মানি চলিব লাগে আৰু পৰাপক্ষত টোপনিৰ বড়ি খোৱাৰ পৰা বিৰত থাকিব লাগে। গোটেই দিনটো চুটি বা মধ্যমীয়া টোপনি এৰাই চলাটোৱে আপোনাৰ স্বাস্থ্যৰ পক্ষে ভাল। দিনত উজ্জ্বল পোহৰত কাম কৰিলে টোপনি আৰু চকুৰ বাবে উপকাৰী হ’ব পাৰে।কোঠাৰ পোহৰ উজ্জ্বল আৰু আৰামদায়ক কৰি ৰাখিব লাগে। ভাল টোপনিৰ বাবে কোঠাৰ উষ্ণতাৰো যত্ন ল’ব লাগে।

Category