শিৱসাগৰ চহৰৰ দ’লমুখ চাৰিআলিত ৰাজ্যসভাৰ সাংসদ যোগেন মহনৰ প্ৰতিকৃতি দাহ
আটাছুৱে।সাংসদ যোগেন মহনৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে শাসকীয় বিজেপিৰ সংসদ যোগেন মহনসহ একাংশ লোকে আহোম জনগোষ্ঠীৰ মাজত বিভাজনৰ বীজ সিঁচিবলৈ চক্ৰান্ত কৰাৰ অভিযোগ উত্থাপন কৰি আটাছুৱে সাব্যস্ত কৰে প্ৰতিবাদ
দেওবাৰে মৰাণহাট জজলীত অনুষ্ঠিত আহোম জনগোষ্ঠীৰে এক অভিবৰ্তনত আহোম জনগোষ্ঠীৰ মাজত বিভেদ সৃষ্টি কৰিব পৰা কেতবোৰ নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰে আটাছুৱে। আহোম জনগোষ্ঠীৰে অন্তৰ্ভুক্ত ফুকন, দেওধাই বাইলুং সকলক সুকীয়াকৈ জনজাতিকৰণৰ দাবীত উক্ত অভিবৰ্তনত প্ৰস্তাৱ লোৱা কাৰ্যই আহোম জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টি কৰিব বুলি ক্ষোভ প্ৰকাশ আটাছুৰ।
আটাছু শতাধিক কৰ্মী তথা বিষয়ববীয়াই আহোম জনগোষ্ঠীক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ বন্ধ কৰক, যোগেন মহন হায় হায় আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰে।
- Log in to post comments