কাজিৰঙাৰ ভয়ংকৰ দুৰ্ঘটনাত JMCH ত চিকিৎসাধীন লোকৰ স্বাস্থ্যৰ বুজ ল'লে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘালে।
আজি স্বাস্থ্য অশোক সিংঘাল উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত কয় যে,"কঁহৰা চিকিৎসালয়ত ৬ চিকিৎসক, ৭ জন নাৰ্ছ আছে। বোকাঘাটত চিকিৎসালয়ত ২২ জন চিকিৎসক, ৫০ জনকৈ অধিক ANM, GNM আছে। যদি ইমানখিনি চিকিৎসক থকাৰ পাছতো ৰোগীয়ে সেই চিকিৎসালয়ত চিকিৎসা নাপাই তেন্তে চিকিৎসক থকা নথকাৰ অৰ্থ একে।
লগতে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, বোকাখাত চিকিৎসালয়ত যথেষ্ট পৰিমাণে সুবিধা আছে, তাত কিয় চিকিৎসা নকৰিলে সেইটো মই চাব লাগিব, মই আহোতে তাত এবাৰ সোমাই আহিছোঁ, কিন্তু এতিয়া যাওঁতে মই আকৌ সোমাই যাম।
- Log in to post comments