UB Photos

হাইলাকান্দি চহৰৰ ১৬ নং ৱাৰ্ডৰ শিৱ লোকনাথ লেনত নিশি কুটুম্বৰ হানাত চাঞ্চল্যকৰ ঘটনা।।

স্থানীয় সূত্রে জানিব পৰা মতে, স্থানীয় বাসিন্দা নিখিল চন্দ্ৰ দেবৰ ঘৰত সংঘটিত হৈছে এই চুৰিকাণ্ড। দেব পৰিয়ালৰ সকলো সদস্য চিকিৎসাজনিত কাৰণত গুৱাহাটিলৈ আহিছিল। এই সুযোগতে চোৰৰ দলে নিশা খিৰিকীৰ গ্ৰিল কাটি ঘৰত প্ৰৱেশ কৰি লাখ লাখ টকাৰ সা-সামগ্ৰী লুটি নিয়ে। চোৰৰ দলে নগদ ধন, মূল্যৱান অলংকাৰ আৰু ইলেকট্ৰনিক সামগ্ৰী চুৰি হোৱা সন্দেহ কৰা হৈছে।