UB media

কাছাৰ আৰক্ষীৰ সফলতা। গোপন তথ্যৰ‌ ভিত্তিত শিলচৰ আৰু আৰু উদাৰবন্দ থানা এলেকাত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰে। 

জব্দকৃত কফ ছিৰাপখিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ঘটনা সন্দৰ্ভত কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে, গোপন তথ্যৰ‌ ভিত্তিত এই খবৰ পোৱাৰ পিছতে আৰক্ষীৰ দুটা দল সাজু কৰা হয়। শিলচৰ সদৰ আৰু উদাৰবন্দ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত দুটা পৃথক দল গঠন কৰি অভিযান চলোৱা হয়।