এইখন অসমৰে কাহিনী এয়া! মহানগৰীৰ হাস্পতালত কন্যা সন্তানৰ লগত সলনি কৰাৰ চেষ্টা পুত্ৰ সন্তান

Kidnap

গুৱাহাটীৰ আঠগাঁৱৰ মোৰোৱাৰী মেটাৰ্নিটি হাস্পতালত ভয়ংকৰ কাণ্ড

 

অজ্ঞাত কন্যা সন্তানৰ লগত সলনি কৰাৰ চেষ্টা পুত্ৰ সন্তান

 

এই লৈ ক্ষুব্ধ পুত্ৰ সন্তানটিৰ পিতৃ, মাতৃ আৰু পৰিয়ালৰ লোক

 

ঘটনাটো সংঘটিত হয় আজি পুৱা ৬:৩০ বজাত

 

যোৱা ১২ ডিচেম্বৰত মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হয় হাজোৰ য়াছমিন বেগমক

 

নুৰ ইছলাম নামৰ এজন লোকৰ পত্নী য়াছমিনে হাস্পতালখনত যোৱা ১৩ ডিচেম্বৰত জন্ম দিয়ে এটি পুত্ৰ সন্তান

 

জণ্ডিছ পৰীক্ষাৰ অৰ্থে আজি পুৱা ৬:৩০ বজাত মাতৃৰ কোলাৰ পৰা সন্তানটি লৈ যায় হাস্পতালখনৰ কোনো এক কৰ্মচাৰীয়ে

 

ষ্টিকাৰ সলাই দুঘণ্টামান পাছত সেই কৰ্মচাৰীয়ে নিজৰ সলনি য়াছমিনৰ কোলাত তুলি দিয়েহি বেলেগৰ আন এক সন্তান 

 

সেয়া আছিল কন্যা সন্তান

 

হাস্পতালখনৰ এনে কাণ্ডৰ তীব্ৰ প্ৰতিবাদ কৰে য়াছমিনৰ লগতে তেওঁৰ স্বামী আৰু পৰিয়ালৰ লোকে

 

কিন্তু এই প্ৰতিবাদক বৃদ্ধাংগুচ্ছ দেখুৱাই তেনে কাণ্ড কৰা নাই বুলি দাবী কৰে কৰ্মচাৰীগৰাকীয়ে

 

 সন্তানটিৰ হাতত থকা ষ্টিকাৰটো দেখুৱাই নিজৰ অপৰাধ ঢকাৰ চেষ্টা কৰে কৰ্মচাৰীগৰাকীয়ে

 

অৱশ্যে য়াছমিন আৰু তেওঁৰ স্বামীৰ লগতে পৰিয়ালৰ লোকে নিজৰ স্থিতি নেৰিলে

 

সেই প্ৰতিবাদ মৰ্মে য়াছমিনে পাছত লাভ কৰে নিজৰ সন্তানটি

 

কিন্তু হাস্পতালখনৰ এনে কাণ্ডক সহজে মানি লোৱা নাই সন্তানটিৰ পিতৃ আৰু বৰদেউতাকে

 

ঘটনা সন্দৰ্ভত তেওঁলোকে আৰক্ষীৰ কাষ চপাৰ সিদ্ধান্ত লৈছে

 

হাস্পতালখনৰ এনে অপকৰ্মৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰো হস্তক্ষেপ বিচাৰিছে তেওঁলোকে

Category