সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বিহাৰৰ পৰা গুৱাহাটীলৈ আহিল প্ৰথমখন মালবাহী জাহাজ...

Cargo ship sails from Patna to Pandu heralding a new age of logistics for Assam

সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত বিহাৰৰ পৰা গুৱাহাটীলৈ আহিল প্ৰথমখন মালবাহী জাহাজ...
জল পথৰে আৰম্ভ হ'ল খাদ্য সামগ্ৰীৰ আমদানি-ৰপ্তানিৰ প্ৰক্ৰিয়া। পাটনাৰ পৰা পাণ্ডু প'ৰ্টলৈকে চলিল মালবাহী জাহাজ। পাটনাৰ পৰা গুৱাহাটীলৈ কঢ়িয়াই অনা হ'ল FCIৰ ২০০ মেট্ৰিক টন চাউল।

৫ ফেব্ৰুৱাৰীত পাটনাৰ গাইঘাটৰ পৰা ৰাওনা হৈছিল MV লাল বাহাদুৰ শাস্ত্ৰী কাৰ্গো জাহাজখন। ২,৩৫০ কিঃমিঃ দূৰত্ব অতিক্ৰম কৰি দেওবাৰে পাণ্ডু প'ৰ্টত উপস্থিত হ'লহি জাহাজখন। ইয়াৰ লগে লগে মুকলি হ'ল ইন্দো বাংলাদেশ প্ৰট'কল ৰোড।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ তৎপৰতাত জল পৰিবহনত এয়া উল্লেখনীয় সংযোজন। পাণ্ডু প'ৰ্টত জাহাজ আৰু জল মন্ত্ৰালয়ৰ উদ্যোগত আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। অনুষ্ঠানত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

Category