বি টি চি নিৰ্বাচন;পুৱা ৭.৩০ বজাৰ আৰম্ভ হৈছে ভোটগ্ৰহণ

BTC Elections 2025

আজি বি টি চিৰ পৰিষদীয় নিৰ্বাচন। বিটিআৰ এলেকাৰ ৪০ টা সমষ্টিত অনুষ্ঠিত হৈছে নিৰ্বাচন। মুঠ ৩,৩৫৯ টা ভোটকেন্দ্ৰত আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱা ৭.৩০ বজাৰ লগে লগে আৰম্ভ হৈছে ভোটগ্ৰহণ । বিয়লি ৪ বজালৈ চলিব ভোটগ্ৰহণ প্ৰক্ৰিয়া

নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি বি টি আৰ নিৰ্বাচনত মুঠ ৩১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । তাৰ ভিতৰত বাক্সা জিলাৰ পৰা ৫২ গৰাকী প্ৰাৰ্থী, চিৰাঙৰ পৰা ৫৬ গৰাকী, কোকৰাঝাৰত ১০০ গৰাকী, তামুলপুৰত ৪০ গৰাকী আৰু ওদালগুৰিত ৬৮ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছে । ইতিমধ্যে প্ৰতিটো ভোটকেন্দ্ৰতে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ

পুৱাৰে পৰা পচন্দৰ প্ৰাৰ্থীগৰাকীক সমৰ্থন কৰিবলৈ শাৰী পাতিছে বি টি আৰৰ ৰাইজ । ইফালে শান্তিপূৰ্ণ পৰিস্থিতি যাতে অব্যাহত থাকে তাৰ বাবে প্ৰশাসনেও কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । প্ৰতিটো ভোটকেন্দ্ৰতে পৰ্যাপ্ত পৰিমাণৰ নিৰাপত্তা বাহিনী মোতায়েন কৰিছে ।

Category