
ৰ্তমান সময়ত ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে যুৱ প্ৰজন্ম। ড্ৰাগছৰ ভয়াৱহতাই সমাজখনত এনেদৰে শিপাই গৈছে যাৰ বাবে ধ্বংস গৰাহলৈ ক্ৰমাৎ ঢাপলি মেলিছে এটা প্ৰজন্মই। যুৱ প্ৰজন্মৰ মাজত ড্ৰাগছৰ আসক্তি ক্ৰমাগত বৃদ্ধি পোৱাৰ ফলত ধ্বংস হ’বলৈ ধৰিছে পৰিয়াল,যুৱ প্ৰজন্মৰ স্বাস্থ্য আৰু কেৰিয়াৰ।
কেৱল যুৱকেই নহয়, ড্ৰাগছৰ কৰাল গ্ৰাসত পৰিছে একাংশ যুৱতীও। ড্ৰাগছৰ বাবে ধ্বংস হৈছে একো একোখন ঘৰ। ড্ৰাগছৰ বাবে ৰাজ্যত বৃদ্ধি হৈছে বিভিন্ন হিংসাত্মক ঘটনা। ড্ৰাগছ ক্ৰয় কৰাৰ বাবে চুৰি, ডকাইতিত লিপ্ত হ’বলৈ লৈছে একাংশ।
তেনে ঘটনা সংঘটিত হৈ থকাৰ সময়তে ৰাজ্য জোকাৰি গৈছে আন এক ঘটনাই। ৰাজ্যত ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ দেহত ধৰা পৰিছে এইছ আই ভি(HIV positive case)।
শেহতীয়াকৈ যোৰহাটত বৃদ্ধি পাইছে এইছ আই ভিৰ সংখ্যা। HIV আক্ৰান্তৰ সংখ্যা উদ্ধেগজনকভাৱে বৃদ্ধি ২১০৩ গৰাকীলৈ। HIV+ ৰ ভিতৰত আছে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰী।
চলিত বৰ্ষত বৰ্তমানলৈকে দুই শতাধিক চিনাক্ত এইছ আই ভি পজিটিভৰ সংখ্যা। মাজুলি,গোলাঘাট, শিৱসাগৰতো আক্ৰান্তৰ সংখ্যা বৃদ্ধি।
মাৰাত্মা এইছ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধিক লৈ ৰাজ্যত এতিয়া উদ্বিগ্ন হৈ পৰিছে অভিভাৱক তথা স্বাস্থ্য বিভাগ ৷ যি খবৰে সংকিত কৰিছে ৰাজ্যৰ সচেতন মহলক।
- Log in to post comments