অসমৰ কাৰ্বি আংলঙ জিলাৰ এখন সৰু চহৰ বুকাজানৰ ৯ বছৰীয়া কণ্যা বিনিতা ছেত্ৰীয়ে ব্ৰিটেইনৰ গট টেলেণ্ট (BGT) ২০২৫ চনৰ গ্ৰেণ্ড ফিনেলত দ্বিতীয় ৰানাৰ-আপ হোৱাৰ গৌৰৱ অর্জন কৰি আন্তঃৰাষ্ট্ৰীয় পৰিসৰত গোৰ্খা তথা ভাৰতীয় উপমহাদেশৰ প্ৰতিনিধিত্ব কৰি এক ঐতিহাসিক কৃতিত্ব অর্জন কৰিছে। ৩১ মে, ২০২৫ তাৰিখে অনুষ্ঠিত এই বিশ্বখ্যাত ৰিয়েলিটী শ্ব’ৰ ফাইনেলত অংশগ্ৰহণ কৰা বিনিতা, ভাৰতৰ পৰা ফাইনেলত স্থান লাভ কৰা প্ৰথম প্ৰতিযোগী হিচাপে ইতিহাসত স্থান লাভ কৰিছে।
এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে ব্ৰিটিছ যাদুকৰ হেৰী মোল্ডিং আৰু দ্বিতীয় স্থান লাভ কৰে এলইডি ডান্স গোট ‘দ্য ব্লেকআউটছ’।
বিনিতাৰ মনোমোহা প্ৰদৰ্শনে বিস্মিত কৰিলে জজ আৰু দৰ্শকক। বিনিতাৰ শৈল্পিক আৰু জটিল নৃত্য প্ৰদৰ্শনে, বিশেষকৈ ব্যাক-ফ্লিপ আদিৰ দৰে শাৰীৰিক দুঃসাধ্য কৌশলৰে সমৃদ্ধ প্ৰতিভাই সকলোৰে মন কাঢ়ি লৈছিল। জজ সকলেও উভতি-উভতি তালি মাৰি তেওঁৰ প্ৰশংসা কৰিছিল। তেওঁৰ এক প্ৰদৰ্শনৰ পূৰ্বে তেওঁ আবেগিক হৈ কৈছিল, “মই যদি জিকোঁ, তেন্তে গুলাপী ৰংৰ এগৰাকী ৰাজকুমাৰীৰ ঘৰ কিনিম।”
পিতৃৰ সহায়-সহযোগই বুলিলে এই সফলতাৰ মূল। বিনিতাৰ এই বিশ্বজনীন সফলতাৰ আঁতুৰ পৃষ্ঠত আছিল তেওঁৰ পিতৃ অমৰ ছেত্ৰীৰ কঠোৰ পৰিশ্ৰম, যিয়ে অসমত এখন ক্ষুদ্ৰ ব্ৰয়লাৰ ফাৰ্ম চলাই থাকিবৰ লগতে সামাজিক দায়িত্ব আৰু জাতিগত সজাগতাত সক্ৰিয়ভাৱে জড়িত। তেওঁ অখিল অসম গোৰ্খা ছাত্ৰ সংঠন (AAGSU)-ৰ সক্ৰিয় কাৰ্যনিৰ্বাহী সদস্য তথা জিলা সহ-সভাপতি। ছাত্ৰীৰ প্ৰতিভা চিনাক্ত কৰি প্ৰথমে গুৱাহাটী আৰু পাছত জয়পুৰলৈ নৃত্য শিক্ষাৰ ব্যৱস্থা কৰিছিল। জয়পুৰত বিনিতাৰ প্ৰশিক্ষণ তেওঁলোকৰ আত্মীয়া আমৃতা দেৱী আৰু প্ৰসিদ্ধ নৃত্য নিৰ্দেশক হাৰ্দিক ৰাৱতৰ তত্বাবধানত চলি আহি আছিল।
বিনিতাৰ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰিয়তাই ভাৰত, নেপাল, ভূটান আৰু সমগ্ৰ এছিয়ান গোষ্ঠীত ব্যাপক উচ্ছ্বাসৰ সৃষ্টি কৰিছে। কিন্তু ফাইনেলৰ ভোটিং কেৱল ব্ৰিটেইনৰ ভিতৰত সীমাবদ্ধ থাকিলত বহুতো দৰ্শকে তেওঁক ভোট দিয়াৰ সুবিধা নাপালে।
এই সন্দৰ্ভত BGT বিনিতা ছেত্ৰী ছাপৰ্ট গ্ৰুপৰ সমন্বয়ক তথা জ্যেষ্ঠ সাংবাদিক নন্দ কিৰাতি দেৱানৰ মতে, “যদি ফাইনেলৰ বাবে ভোটিং লাইন বিশ্বজুৰি মুকলি কৰা হ’লহেঁতেন, বিশেষকৈ ভাৰত, নেপাল, ভূটান আৰু অন্যান্য এছিয়ান দেশৰ পৰা দৰ্শকে ভোট দিব পাৰিলেহেঁতেন, বিনিতা ছেত্ৰীয়ে বৃহৎ সমৰ্থন লাভ কৰিলে। তেওঁ হয়তো BGT২৫-ৰ বিজয়ীৰ উপাধি নিকটতমভাৱে স্পৰ্শ কৰিব পাৰিলেহেঁতেন।”
তেওঁৰ মতে, ফাইনেলৰ আগৰ সপ্তাহতে কেৱল ভাৰতৰ পৰা ২০,০০০-তকৈ অধিক মিছ কল আহিছিল, য’ত দৰ্শকে ভাৰতৰ পৰা কেনেদৰে ভোট দিব পাৰি সেয়া জানিবলৈ চেষ্টা কৰিছিল।
*জাতীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰত অভিনন্দন আৰু সন্মান*
বিনিতাৰ এই সফলতাত অসমৰ মুখ্যমন্ত্ৰী ডা. হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত ভিডিঅ’ শ্বেয়াৰ কৰি গৌৰৱ প্ৰকাশ কৰিছে। তাৰোপৰি, বিশিষ্ট উদ্যোগপতি আনন্দ মাহিন্দ্ৰাই বিনিতাক “বিশ্ব মানৰ প্ৰতিভা” আৰু “ইচ্ছাশক্তিৰে পূৰ্ণ এগৰাকী প্ৰকৃত শিল্পী” হিচাপে ভূয়সী প্ৰশংসা কৰিছে।
- Log in to post comments