শ্বিলঙত ভয়ংকৰ পথ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাল বাহন

শ্বিলঙত ভয়ংকৰ পথ দুৰ্ঘটনা!

শ্বিলঙৰ ডাউকীত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। দুৰ্ঘটনাত নিঃশেষ হৈ গ’ল এটা পৰিয়াল।নিয়ন্ত্ৰণ হেৰুৱাই দ’ খাৱৈত সোমাল বাহন। যাৰ ফলত একেটা পৰিয়ালৰ ৫ জন লোকে মৃত্যুক সাৱটি লয়। নিহতৰ ভিতৰত আছে মাতৃ, দুই পুত্ৰ সহ বোৱাৰী। নিহত মাতৃগৰাকীৰ নাম শ্ৰীমতী এলিডা মাৰ্বানিয়াং বুলি জানিব পৰা গৈছে।

আনহাতে, ML05-U-4926 নম্বৰৰ বাহনখন শিলঙৰ পৰা পিনুৰ্সলা অভিমুখে যাত্ৰা কৰি আছিল। ঘন কুৱলীয়ে আৱৰি থকাৰ বাবেই ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো।

উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় ঘাইপথটোত পথ নিৰ্মাণৰ কামো চলি আছিল। আনহাতে, নিশা প্ৰায় ৯:০২ বজাত, এজন পথচাৰীয়ে ঘটনা সন্দর্ভত অৱগত কৰে আৰক্ষীক। তৎপৰ হৈ উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ গাড়ীখনৰ লগতে ৫ টা মৃতদেহ উদ্ধাৰ কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰা পৰিচয়পত্ৰৰ সহায়ত মৃতদেহসমূহ চিনাক্ত কৰি পৰিয়ালৰ সদস্যসকলক খবৰ দিয়ে। ঘটনা সন্দৰ্ভত বৰ্তমানেও অব্যাহত আছে তদন্ত।

Category
Tags