অইল ইণ্ডিয়া লিমিটেডৰ ঠিকা ভিত্তিত চলি থকা এচিয়ান ড্ৰিলটেক নামৰ এটা ওৱৰ্ক আভাৰ ৰিগত কৰ্মৰত অৱস্থাত দুৰ্ঘটনা সংঘটিত হৈ থিতাতে এজন শ্ৰমিক নিহত। নিহত শ্ৰমিকজন নাহৰকটীয়া গেঠুপথাৰ অঞ্চলৰ কিৰণ গগৈ বুলি জানিব পৰা গৈছে ।
আনহাতে এই দুৰ্ঘটনাটোত আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হৈছে । ঘটনা সংঘটিত হোৱাৰ পিছতে দুয়োজনক ততাতয়াকৈ দুলীয়াজানৰ অইল হস্পাতাললৈ লৈ অনা হয় যদিও চিকিৎসকে কিৰণ গগৈ নামৰ শ্ৰমিকজনক মৃত ঘোষণা কৰাৰ লগতে এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত টেঙাখাতৰ মোহন সোণোৱাল নামৰ কৰ্মচাৰী জনক নিশাই সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত এখন ব্যক্তিগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । ঠিকা ভিত্তিত চলি থকা এচিয়ান ড্ৰিলটেক নামৰ ৰীগটোত কিদৰে দুৰ্ঘটনাটো সংঘটিত হয় সমগ্ৰ ঘটনাটো নাহৰকটীয়া আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
- Log in to post comments