ৰাধা-কৃষ্ণৰ প্ৰেমৰ বন্দনাৰে মুখৰ ৰাজ্য
মধুময় শৰতৰ চন্দ্ৰাৱলী নিশা
কৃষ্ণভক্তি, বিশ্বাস আৰু উছাহৰ ত্ৰিবেণী সংগম
উল্লেখ্য যে, দেওবাৰৰ পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ। এতিয়া যেন বৃন্দাবন লৈ পৰিণত হৈছে সত্ৰনগৰী মাজুলী। আনহাতে, ৯০খন ধ্বজা উত্তোলনেৰে আৰম্ভ নলবাৰীৰ ৰাস। এইবাৰৰ নলবাৰী ৰাসৰ বিশেষ আকৰ্ষণ শ্ৰীকৃষ্ণখ্যাত নীতিশ ভৰদ্বাজ।
লগতে, হাউলী, পলাশবাৰী, ওদালগুৰিতো উদুলি মুদুলি পৰিৱেশ। ৰাজ্যৰ অন্যান্য প্ৰান্ততো ৰাসোৎসৱৰ বৰ্ণাঢ্য আয়োজন।
উল্লেখযোগ্য যে, নলবাৰী ৰাস মহোৎসৱলৈ আহি অভিভূত হৈ পৰে মহাভাৰতৰ কৃষ্ণখ্যাত নীতিশ ভৰদ্বাজ। ভাষণ প্ৰসংগত শংকৰদেৱক স্মৰণ কৰা নীতিশ ভৰদ্বাজে পিছত সাংবাদিকৰ আগত অসম সম্পৰ্কতো ইতিবাচক মন্তব্য আগবঢ়ায়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমোলত অসমৰ উন্নতি হোৱা বুলিও উল্লেখ কৰে অভিনেতাগৰাকীয়ে। লগতে কোনো নেতাই যদি সাম্প্ৰদায়িক মন্তব্য কৰিছে তেন্তে মুখ্যমন্ত্ৰীয়ে ব্যৱস্থা ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে।
- Log in to post comments