টকাৰ অভাৱ! টকাৰ অভাৱতে ৮ মাহৰ ভিতৰত দুটিকৈ সন্তানক বিক্ৰী কৰিলে পিতৃ-মাতৃয়ে....

chirang

এইখন অসমতে পুনৰ এবাৰ সংঘটিত হৈছে সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰৰ ঘটনা চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতাৰ। টকাৰ অভাৱতে চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত শিলিখাগুৰীৰ এহাল নিষ্ঠুৰ পিতৃ-মাতৃ হুগম নাৰ্জাৰী আৰু বিজুলিকা নাৰ্জাৰীয়ে ৮ মাহৰ ভিতৰত দুটিকৈ পুত্ৰ সন্তানক বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে।

উল্লেখযোগ্য যে, এক লাখ টকাৰ বিনিময়ত নিজৰ দুটিকৈ সন্তান বিক্ৰী কৰিলে এইহাল স্বামী-স্ত্ৰীয়ে। দম্পতীৰ দুটি কণ কণ পুত্ৰ-কন্যা থকাৰ পিছতো পুনৰ গৰ্ভৱতী হৈছিল মাতৃ বিজুলিকা নাৰ্জাৰী। টকাৰ অভাৱত বেমাৰী পুত্ৰক চিকিৎসা কৰিব নোৱাৰি ২০২২ চনৰ নৱেম্বৰ মাহত ডেৰ বছৰীয়া পুত্ৰ সন্তানক ৪০ হাজাৰ টকাৰ বিনিময়ত ওচৰৰে খুংগ্ৰীং গাঁৱৰ অবিনাশ বৰগয়াৰীৰ হাতত বিক্ৰী কৰি দিছিল।

chirang

তাৰপাছতে ২০২৩ৰ জুলাই মাহত দ্বিতীয় পুত্ৰ জন্ম হোৱাৰ এসপ্তাহ পিছতে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলী বাসিন্দা নীৰন স্বৰ্গীয়াৰীক হাতত ৬০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰে সন্তানটিক।

এক বিশেষ সুত্ৰৰ তথ্যৰ ভিত্তিত ৰুণীখাতা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিপ্লৱ কোঁৱৰে অনুসন্ধান চলোৱাত এই শিশু বিক্ৰীৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে। আৰক্ষীয়ে ইতিমধ্যে সন্তানকেইটাৰ পিতৃ হুগম নাৰ্জাৰীৰ লগতে মানৱ শিশু ক্ৰয় কৰা অবিনাশ বৰগয়াৰী আৰু নীৰন স্বৰ্গীয়াৰীক গ্ৰেপ্তাৰ কৰিছে।

মাতৃ বিজুলিকা নাৰ্জাৰীয়ে অকপটে সংবাদ মাধ্যমৰ আগত স্বীকাৰ কৰে যে- “মোৰ দুখ লগা নাই, টকাৰ অভাৱত বিক্ৰী কৰিছো আমি।” পুত্ৰ সন্তান দুটিক ৪০ হাজাৰ আৰু ৬০ হাজাৰ টকাত বিক্ৰী কৰিছো। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ।

Category