এইবাৰ মানুহৰ মগজুত পোৱা গৈছে এক জীৱন্ত কৃমি। অষ্ট্ৰেলিয়ান এগৰাকী ৬৪ বছৰীয়া মহিলাৰ মগজুত উদ্ধাৰ হৈছে এবিধ মাৰাত্মক কৃমি। এই মাৰাত্মক জীৱিত কৃমিবিধ ৮ চেঃমিঃ দীঘল আছিল। অষ্ট্ৰেলিয়ান নেচনেল ইউনিভাৰ্চিটি আৰু কেনবেৰা হাস্পতালৰ চিকিৎসক আৰু গৱেষকে মহিলাগৰাকীৰ মগজুত এই কৃমিবিধ উদ্ধাৰ কৰে।

উল্লেখ্য যে, মহিলাগৰাকীৰ মগজুৰ অস্ত্ৰোপচাৰৰ সময়তে জীৱিত অৱস্থাত উদ্ধাৰ কৰা হৈছিল পেলুবিধ। ফিডাছকাৰিছ ৰবাৰ্টছি নামৰ কৃমিৰ পোষক হৈছে কাৰ্পেট পাইথন অজগৰ। এই মাৰাত্মক কৃমিবিধে মহিলাগৰাকীৰ হাওঁফাওঁ আৰু যকৃতকে ধৰি অন্যান্য অংগত আক্ৰমণ কৰাৰ সন্দেহ কৰিছে চিকিৎসকসকলে।
আনহাতে, চিকিৎসকে দিয়া ভাষ্য অনুসৰি, " মানুহৰ মগজুত কৃমি সংক্ৰমিত হোৱাৰ এইটোৱে হৈছে প্ৰথমটো ঘটনা। এই কৃমিবোৰ সাধাৰণতে সৰু স্তন্যপায়ী আৰু মাৰ্চুপিয়ালবোৰত পোৱা যায়। এই কৃমিবিধক ভক্ষণ কৰে অজগৰে। ই সাপৰ শৰীৰতে নিজৰ জাৱনচক্ৰ সম্পূৰ্ণ কৰে।"
মহিলা গৰাকীয়ে চিকিৎসকক কোৱা মতে, এই ৰোগৰ লক্ষণ তেনেই স্বাভাৱিক আছিল, পেটৰ বিষ, কাহ আৰু ৰাতি ঘাম ওলোৱা, ক্ৰমান্বয়ে হতাশাত ভুগা আদি। এই ৰঙা পৰজীৱীটো দুমাহলৈকে তাত থাকিব পাৰিলেহেঁতেন।
এই অদ্ভূত ঘটনাটোৰ পিছত গৱেষকসকলে কয় যে, জীৱ-জন্তুৰ পৰা মানুহলৈ ঘটা ৰোগ আৰু সংক্ৰমণৰ বৰ্ধিত বিপদৰ বিষয়ে সকীয়াই দিছে।
- Log in to post comments