UB News

আজি দেশত পঞ্চম পৰ্যায়ৰ লোকসভা নিৰ্বাচন। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোটযুদ্ধ। দেশৰ ৬ খন ৰাজ্য, ২ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৪৯ টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। EVMত বন্দী হ’ব ৬৯৫গৰাকী প্ৰাৰ্থীৰ ভাগ্য। প্ৰতিটো ভোটকেন্দ্ৰত কটকটীয়া নিৰাপত্তাৰ মাজত আৰম্ভ হৈছে ভোটদান প্ৰক্ৰিয়া।

উল্লেখ্য যে, বিহাৰৰ ৫খন আসন, ঝাৰখণ্ডৰ ৩খন আসন, মহাৰাষ্ট্ৰৰ ১৩খন আসন, ওড়িশাৰ ৫খন আসন, উত্তৰ প্ৰদেশৰ ১৪খন আসন, পশ্চিম বংগৰ ৭খন আসন, জম্মু কাশ্মীৰ আৰু লাডাখৰ এখনকৈ আসনৰ বাবে হৈছে ভোটযুদ্ধ।