এটাৰ পিছত আন এটা কলংক ছেবাত! এইবাৰ ফাদিল হৈছে নেকি ভূগোলৰ প্ৰশ্নকাকত?

SEBA

বিজ্ঞান আৰু অসমীয়াৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে এইবাৰ ভূগোলৰ প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছে। WhatsApp ত  ভাইৰেল হৈ পৰিছে এখন ভূগোলৰ প্ৰশ্নকাকতৰ প্ৰথম পৃষ্ঠা। ২০ মাৰ্চত আছে ভূগোল বিষয়ৰ পৰীক্ষা। কিন্তু পৰীক্ষাৰ পূৰ্বেই WhatsApp ত প্ৰশ্নকাকতৰ এটা পৃষ্ঠা ভাইৰেল হোৱাক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ।

কিন্তু ছেবা কৰ্তৃপক্ষই নিশ্চিত কৰিলে WhatsAppত ভাইৰেল হোৱা প্ৰশ্নকাকতখন ২০২১ বৰ্ষৰ। কোনো দুষ্টচক্ৰই ভাইৰেল কৰিছে পুৰণি প্ৰশ্নকাকত। ছাত্ৰ–ছাত্ৰীক বিভ্ৰান্ত কৰাৰ চেষ্টা কোনো দুষ্ট চক্ৰৰ। এডিট কৰি WHatsAppত ভাইৰেল কৰিছিল পুৰণি প্ৰশ্নকাকত।

২০ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া ভূগোলৰ পৰীক্ষাৰ পূৰ্বে এইদৰে পুৰণি প্ৰশ্নকাকত ভাইৰেল কৰি ছাত্ৰ–ছাত্ৰীৰ মনত আঘাত দিয়াৰ চেষ্টা চলাইছে কোনো দুষ্টচক্ৰই। লগতে ছেবাক বদনাম কৰাৰো এক নিকৃষ্ট প্ৰয়াস দুষ্টচক্ৰৰ। ছেবাৰ মতামত এয়া।

এই ঘটনাৰ পিছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে মন্তব্য কৰিছে যে, ‘‘ছেবাই স্পষ্টীকৰণ নিদিয়ালৈ ছচিয়েল মিডিয়াৰ এনেধৰণৰ ভুৱা খবৰত বিভ্ৰান্ত নহ’বলৈ ছাত্ৰ–ছাত্ৰীসকলক আহ্বান জনাইছো। ইতিমধ্যে স্পষ্ট হৈছে এইখন এইবাৰৰ প্ৰশ্নকাকত নহয়, পুৰণি প্ৰশ্নকাকত। ইয়াৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব।’’

Category