‘তেওঁলোক কোন আছিল জানি বা কি লাভ, তেওঁলোকে নিজেই নিজক সোধক কি তাড়নাত, উন্মাদনাত মতলীয়া হৈ এনে দুষ্কৰ্ম কৰিছিল।'  ৰহস্যময় চিঠিখন ৰহস্যৰ মাজতে আবদ্ধ হৈ থাকিল!

Nilamani Phukan

খোল খালে বহু প্ৰত্যাশিত কবি নীলমণি ফুকনৰ 'বন্ধ লেফাফা'। ১১.২৮ বজাত চিঠি খন খুলিলে জ্যেষ্ঠ সাংবাদিক নিত্য বৰাই।চিঠি খনত কাব্যঋষিয়ে এক কলংকিত অধ্যায়ৰ কথা উল্লেখ কৰিছে।নীলমণি ফুকনৰ এটি কবিতা স্পেনিছ কবি কেমিনোৰ পৰা প্ৰভাৱিত বুলি তেখেতৰ বিৰুদ্ধে অভিযোগ উঠাইছিল।

1

কিন্তু তেখেতৰ বিৰুদ্ধে এয়া ষড়যন্ত্ৰ আছিল নে সঁচাকৈয়ে নীলমণি ফুকনৰ কবিতাৰ দৰে এক স্পেনিছ কবিতা আছে তাৰ উত্তৰ কবি গৰাকীয়ে নাপালে।

2

চিঠি খনত কাব্যঋষিয়ে প্ৰদীপ আচাৰ্য আৰু কবি নৱকান্ত বৰুৱাৰ কথা উল্লেখ কৰিছে।

3

উল্লেখ মতে কাব্যঋষিয়ে সেই স্পেনিছ কবিতাটিৰ বিষয়ে বাৰে বাৰে সুধিছিল নৱকান্ত বৰুৱাক আৰু পবিত্ৰ আচাৰ্যক।

4

কিন্তু নীলমণি ফুকনৰ প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিয়া নাছিল মাথো কৈছিল ক’ৰবাত সেই স্পেনিছ ভাষাৰ কবিতাটি পাইছে।সেই সময়ত শাৰীৰিক আৰু মানসিক ভাবে ভাগি পৰিছিল কবি ফুকন। কোনেও যেন গুৰুত্ব দিয়া নাছিল তেওঁৰ বিষয়টোৰ ওপৰত।

নীলমণি ফুকনৰ এই চিঠিখনত আৱদ্ধ হৈ ৰ’ল বহুতো ৰহস্য, ষড়ষন্ত্ৰ । ষড়ষন্ত্ৰকাৰীৰ নাম উল্লেখ নকৰাকৈয়ে লিখি গ’ল তেখেতৰ জীৱনৰ বেয়া সময়খিনিৰ কথা।  

Category