‘কোনেও যাতে সুৰাপান কৰি গাড়ী নচলায়’, যান বাহন শাখাৰ DCP হিৰণ্য বৰ্মনৰ সকিয়নী!

DCP

আগন্তুক নৱবৰ্ষৰ সন্দৰ্ভত সংবাদ মেল যান বাহন শাখাৰ DCP হিৰণ্য কুমাৰ বৰ্মনৰ।DCP বৰ্মনে কয় ‘কোনেও যাতে সুৰাপান কৰি, ছিটবেল অবিহনে আৰু লাইচেন্স নোহোৱাকৈ গাড়ী নচলাই। DCP গৰাকীয়ে জনোৱা মতে ২০ ডিচেম্বৰৰ  পৰা ২৮ ডিচেম্বৰ  লৈ সুৰাপান কৰি বাহন চলোৱা চালকৰ মুঠ ৩৭৫ গোচৰ ৰুজু হৈছে ।

DCP ৰ কঠোৰ নিৰ্দেশনা শ্বপিং মল , বাৰ , হোটেল , ৰেস্তোৰা সমূহত পৰ্যাপ্ত পৰিমাণৰ লাইট ,  CCTV আৰু পাৰ্কিংত CCTV নিয়োগ কৰিব লাগিব । পিকনিক স্পটসমূহত সুৰা বিক্ৰী কৰিব নোৱাৰিব ।

যান বাহন আৰক্ষীৰ আহ্বান একেটা পৰিয়ালৰ যদি বেছি গাড়ী আছে তেতিয়াহলে ঘৰৰ পৰা এখন গাড়ী লৈ বাহিৰলৈ ওলাওক । লেন ড্ৰাইভিং কৰি গাড়ী চলাবলৈও আহ্বান। উল্লেখ্য অতিশীঘ্ৰে কাৰ্য্যকৰী হব চিগনেল লাইটৰ কেমেৰাৰ চালান।

Category