শেষ নহ’বই নেকি সামাজিক সংকীৰ্ণতা!এঘৰীয়া কৰা এটা পৰিয়ালৰ ঘৰত ন খাবলৈ যোৱাৰ বাবেই মৃতকৰ সৎকাৰ কৰিবলৈ নাহিল ৰাইজ!

Tezpur

তেজপুৰৰ বিহগুৰিত  অমানৱীয় ঘটনা । তেজপুৰ বিহগুৰিৰ কমাৰ চুবুৰী নাথৰ ৰাইজে এঘৰীয়া কৰা লোকৰ ঘৰত নিমন্ত্ৰণ ৰক্ষা কৰি ন  খাবলৈ  যোৱাৰ বাবেই মৃতকৰ শেষকৃত্যত নাহিল স্থানীয় ৰাইজ ।

1

জীৱনৰ শেষ সময়ত মৃতকৰ সৎকাৰৰ বাবে  সংগ নিদিলে ৰাইজে । মৃতদেহ শ্মশানলৈ নিবলৈ উপস্থিত নহল স্থানীয় ৰাইজ।

2

নিদিষ্ট দুজনমানৰ বাহিৰে আন গাঁওৰ পৰা অহা লোকৰ দ্বাৰাহে বিয়লি অন্তেষ্টিক্রিয়া সম্পন্ন কৰে । উপায়হীন হৈ মৃত ভোগেশ্বৰ নাথৰ পৰিয়ালৰ  একমাত্ৰ মহিলা গৰাকীয়ে  সামাজিক মাধ্যম যোগে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সহায় বিচাৰে।

Category