‘এজনক মাৰি থানাৰ পৰা ওলাই আহিলো, এতিয়া আমি পাৰ্টী কৰি আছো’ বিলাসীপাৰাৰ ৰাজপথত GANG OF DEVILৰ সন্ত্ৰাস

Accident

বিলাসীপাৰাত উদণ্ড বাইক চালকৰ খুন্দাত  গুৰুতৰ ভাবে আহত হয় এগৰাকী মহিলা। ঘটনাৰ পাছত বিলাসীপাৰাৰ থানাৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ বাইকৰ চালকক থানালৈ লৈ আহে আৰু আহত মহিলা গৰাকী বিলাসীপাৰা চিকিৎসালয়ত ভৰ্তি কৰায়। কিন্তু মৃত্যু ঘটে বৃদ্ধ গৰাকীৰ।

বাইক চালকজনো আহত হোৱাৰ বাবে আৰক্ষীয়ে চিকিৎসাৰ কাৰণে বাইকৰ গৰাকীক নিজৰ মোমায়েকৰ জিম্মাত যাবলৈ দিয়ে । ইমানতে ঠিকেই আছিল কিন্ত দূৰ্ভাগ্যজনক কথা হ'ল বাইকৰ চালক আৰু তেওঁৰ  বন্ধুহতে থানাৰ পৰা ওলোৱাৰ ফুৰ্তিত পাৰ্টি দিয়ে । পাৰ্টিৰ এটা ভিডিঅ’ ছছিয়াল মিডিয়াত আপলোড কৰে । ভিডিঅ’ টোত কোৱা ধৰণে মানুহ এজনক মাৰি পেলোৱাৰ পিছতো ১০ মিনিট পিছতে থানাৰ পৰা ওলাই আহিল। পাৱাৰ চাওক বুলিও উল্লেখ কৰে । ছছিয়াল মিডিয়াত আপলোড দিয়া ভিডিওটো চাই স্তম্ভিত হৈ পৰিছে সচেতন নাগৰিক ৷ সকলোৱে এক মুখে ধিক্কাৰ জনাইছে এনে কাণ্ডক । ছছিয়াল মিডিয়াত আপলোড দিয়া যুৱকক আৰক্ষীক চৌব্বিশ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবী জনায়  ধুবুৰী জিলা কৃষক  মুক্তি সংগ্ৰাম সমিতিয়ে ।

 

Category